ছাত্ৰীৰ চৰম সিদ্ধান্তই জোকাৰিছে ধেমাজিৰ জয়ৰামপুৰ

অধ্যক্ষৰ প্ৰহাৰ আৰু নিৰ্যাতনৰ বলি হৈয়ে ছাত্ৰীয়ে শেষ কৰিলে নেকি জীৱন? ছাত্ৰীৰ চৰম সিদ্ধান্তই জোকাৰিছে ধেমাজিৰ জয়ৰামপুৰ। ধেমাজিৰ জয়ৰামপুৰৰ এখন ব্যক্তিগত বিদ্যালয়ত ভয়ংকৰ ঘটনা।

ছাত্ৰীৰ আত্মহননে জোকাৰিছে ধেমাজিৰ জয়ৰামপুৰ। জয়ৰামপুৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা। বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰহাৰ আৰু নিৰ্যাতনৰ বলি হৈ চৰম সিদ্ধান্ত ছাত্ৰীগৰাকীৰ। ১ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল প্ৰহাৰ আৰু নিৰ্যাতনৰ ঘটনা। উল্লেখ্য যে ঘটনাৰ দিনা বিদ্যালয় ছুটীৰ পিছত হোষ্টেললৈ গৈছিল ছাত্ৰীগৰাকী। হোষ্টেলত দুপৰীয়া ভাত খাই জিৰণি ল’বলৈ গৈছিল ছাত্ৰীগৰাকীয়ে। কাষৰ ল’ৰাৰ হোষ্টেলত তেনে সময়তে হুলস্থুল শুনিছিল ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ লগত আছিল আন বহুতো সতীৰ্থ ছাত্ৰী। হোষ্টেলৰ ছাত্ৰসকলক মনে মনে থাকিবলৈ নিৰ্দেশ দিছিল ছাত্ৰীগৰাকীয়ে। কাষতে থকা অধ্যক্ষই শুনা পাইছিল ছাত্ৰীগৰাকীৰ মাত। অধ্যক্ষই আহি ২ ছাত্ৰক চৰ মৰাৰ লগতে ছাত্ৰীসকলক আঠু কঢ়াইছিল। কোন ছাত্ৰীয়ে ছাত্ৰসকলক মনে মনে থাকিবলৈ কৈছিল জানিব বিচাৰিছিল অধ্যক্ষই। ভুক্তভোগী ছাত্ৰীয়ে কথাটো স্বীকাৰ কৰাত বগৰাই বগৰাই প্ৰহাৰ অধ্যক্ষৰ। নিৰ্বিচাৰে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীক ততালিকে নিয়া হৈছিল জয়ৰামপুৰৰ এখন ফাৰ্মাচীলৈ। ছাত্ৰীগৰাকীক প্ৰতিপালন কৰিছিল লখিমপুৰৰ কদম মৰিদীৰ্ঘাৰ জেঠায়েকে। জেঠায়েকলৈ ১ ফেব্ৰুৱাৰীৰ দিনা ফোন কৰিছিল অধ্যক্ষই। ছাত্ৰীগৰাকীয়ে উশাহ লোৱাত কষ্ট পোৱা বুলি জনাইছিল অধ্যক্ষই। একেদিনাই কিছু সময়ৰ পিছতে দ্বিতীয়বাৰৰ বাবে পুনৰ ফোন অধ্যক্ষৰ। দ্বিতীয়বাৰ ফোন কৰি ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি জনাইছিল অধ্যক্ষই। ঘটনাত স্তম্ভিত হৈ পৰে ছাত্ৰীগৰাকীৰ জেঠায়েক আৰু আত্মীয়। পিছলৈ গোগামুখৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীক চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়া হৈছিল জেঠায়েকৰ ঘৰলৈ। ৪ ফেব্ৰুৱাৰীত ছাত্ৰীগৰাকীক চাবলৈ গৈছিল অধ্যক্ষই। অধ্যক্ষ পলাশ কোঁচে ছাত্ৰীগৰাকীক প্ৰহাৰ কৰাৰ কথা স্বীকাৰ হোৱাটছএপ যোগে। ছাত্ৰীগৰাকীৰ জেঠায়েকৰ সৈতে হোৱাটছএপত কথা হৈছিল অধ্যক্ষ পলাশ কোঁচৰ। অধ্যক্ষ যোৱাৰ পাছতে মানসিকভাৱে অধিক ভাগি পৰে ছাত্ৰীগৰাকী। ৫ ফেব্ৰুৱাৰীত জেঠায়েকৰ ঘৰতে ছাত্ৰীগৰাকীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল মৃত ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ পৰিয়ালে বগীনদী থানাত দাখিল কৰিছে এজাহাৰ ।সম্প্ৰতি পলাতক অভিযুক্ত পলাশ কোঁচ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...