শিল্পা চেট্টী-ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ

বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টী তথা অভিনেত্ৰীগৰাকীৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ। তেওঁলোকৰ উত্থাপিত হৈছে ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ। মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এক এজাহাৰ।

দম্পতীটোৰ উপৰিও ফেশ্বন টিভিৰ পৰিচালনা সঞ্চালক কাশিফ খানকে ধৰি কেইবাজনৰ বিৰুদ্ধেও প্ৰৱঞ্চনাৰ গোচৰ ৰুজু। পুনেৰ নীতিন বৰা নামৰ এজন যুৱকে ৰুজু কৰিছে কৰিছে এই গোচৰ।

২০১৪ চনৰ জুলাইৰে ঘটনা এয়া। যুৱকৰ অভিযোগ অনুসৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০, ৫.৬ আৰু অন্যান্যৰ অধীনত ৰুজু কৰিছে গোচৰ। অভিযোগকাৰী যুৱকৰ মতে কাশিফ খান, শিল্পা চেট্টী, ৰাজ কুন্দ্ৰা আৰু এছএফএল ফিটনেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক আনসকলে ফিটনেছ চেণ্টাৰত ধন বিনিয়োগ কৰিবলৈ কৈছিল আৰু লাভৰ প্ৰতিশ্ৰুতি দিছিল। পিছে যুৱকজনে নাপালে লাভালাভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...