শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাৰ আঁৰত আছে আমেৰিকা! অভিযোগ হাছিনাৰ

ক্ষমতাচ্যুত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আৱামি লীগৰ সভাপতি শ্বেখ হাছিনাই। বৰ্তমান তেওঁ ভাৰতত আছে। ক্ষমতাচ্যুত কৰাৰ বাবে তেওঁ আমেৰিকাৰ দৰে বিদেশী শক্তিক দোষাৰোপ কৰে। শনিবাৰে (১০ আগষ্ট) দলৰ নেতাসকলক দিয়া বাৰ্তাত শ্বেখ হাছিনাই বিষয়টো স্পষ্ট কৰি দিয়ে।

কৰ্মীসকলক উদ্দেশ্যি প্ৰেৰণ কৰা বাৰ্তাত শ্বেখ হাছিনাই কয় যে, “মই চেণ্ট মাৰ্টিন আৰু বংগ উপসাগৰ আমেৰিকাক গতাই দিয়া হ’লে মই ক্ষমতাত থাকিব পাৰিলোহেঁতেন।”

ভাৰত চৰকাৰে বাংলাদেশৰ ৰাজনৈতিক সংকটত ‘বিদেশী শক্তি’ জড়িত থকাৰ তদন্ত চলাই আছে বুলি ঘোষণা কৰাৰ কিছুদিন পিছতে শ্বেখ হাছিনাই এই সন্দৰ্ভত কয়।

বছৰ বছৰ ধৰি শ্বেখ হাছিনাৰ চৰকাৰৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰ্ক-বিতৰ্ক চলি আছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে তেওঁ কয় যে “এজন বগা মানুহে” তেওঁক বিমান ঘাটিৰ বিনিময়ত ক্ষমতালৈ মসৃণভাৱে ঘূৰি অহাৰ প্ৰস্তাৱ দিছিল।

শেহতীয়া বাৰ্তাত বাংলাদেশৰ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন অন্তৱৰ্তীকালীন চৰকাৰক এনে বিদেশী শক্তিৰ দ্বাৰা “ব্যৱহাৰ” নহ’বলৈ সকীয়াই দিছে।

তেওঁ ক’লে, ‘মই পদত্যাগ কৰিলোঁ যাতে মৃতদেহৰ শোভাযাত্ৰা চাব নালাগে। মই তেনেকুৱা হ’বলৈ নিদিলোঁ। মই ক্ষমতা এৰি দিছোঁ।’

শ্বেখ হাছিনাই লগতে কয় যে, “মই যদি দেশত থাকিলোহেঁতেন তেন্তে আৰু অধিক লোকৰ প্ৰাণ গ’লহেঁতেন।” সম্পদৰ ক্ষতি আৰু বেছি হ’লহেঁতেন।

ভাৰতত থকা শ্বেখ হাছিনাই অহা সপ্তাহত সংবাদ মাধ্যমক সম্বোধন কৰাৰ সম্ভাৱনা আছে।

এই বাৰ্তাত শ্বেখ হাছিনাই পৰাজয় মানি লৈ দেশলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছে।

তেওঁ ক’লে, ‘মই সোনকালে উভতি আহিম ইনছা’আল্লাহ। পৰাজয় মোৰ যদিও বাংলাদেশৰ জনসাধাৰণ জয়ী হৈছে।

শ্বেখ হাছিনাই ক’লে, ‘মই নিজকে আঁতৰাই দিছোঁ। জনতাৰ সহায় লৈ মই ক্ষমতালৈ আহিছিলোঁ, জনতা মোৰ শক্তি আছিল। যেতিয়া তেওঁলোকে মোক বিচৰা নাই, মইয়ে গুচি আহিলোঁ, পদত্যাগ কৰিলোঁ।

ভাষণ বিকৃত হোৱাৰো অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্বেখ হাছিনাৰ বিৰুদ্ধে হোৱা সপ্তাহজোৰা প্ৰতিবাদত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আমেৰিকা, ব্ৰিটেইন, কানাডা আদি দেশসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ মৃত্যুৰ তদন্তৰ আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...