ঘোঁৰাৰ আক্ৰমণত আহত কেইবাজনো

ৰাজ্যত হাতী-মানুহৰ সংঘাতৰ ঘটনা কোনো নতুন কথা নহয়। কিন্তু এইবাৰ ঘোঁৰাৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন লোক। ঘটনাক লৈ আতংকৰ সৃষ্টি হৈছে এটা অঞ্চলত। সমান্তৰালকৈ পুনৰ ৰাজ্যত সংঘটিত হৈছে হাতী-মানুহৰ সংঘাতৰ ঘটনা। কেইবা ঠাইতো হাতীয়ে চলালে উপদ্ৰৱ।

নাহৰকটীয়াত ঘোঁৰাৰ আতংক। গৰাকীবিহীন ৩টাকৈ ঘোঁৰাক লৈ বিমোৰত বন বিভাগ। ঘোঁৰাৰ তীব্ৰবেগী দৌৰত ঘোটে ঘোটে পানী খাইছে বন বিভাগৰ লোকে। ঘোঁৰাৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে বহু কেইগৰাকী লোক। আহত হ’ল বাইক আৰু স্কুটি আৰোহী। ঘটনাক লৈ অঞ্চলজুৰি আতংকৰ সৃষ্টি। বিগত প্ৰায় ২ মাহ ধৰি নাহৰকটীয়া চহৰৰ বিভিন্ন স্থানত অৱস্থান কৰি আছিল ঘোঁৰাকেইটাই। শেহতীয়াকৈ নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অৱস্থান গ্ৰহণ কৰে। খেলপথাৰ খনলৈ খেলিবলৈ অহা বহু কিশোৰ কিশোৰীক আক্ৰমণ কৰাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। অৱশেষত স্থানীয় লোকৰ সহযোগত বন বিভাগে আবদ্ধ কৰে ঘোঁৰাকেইটা। কিন্তু ঘোঁৰাকেইটাক ট্ৰেংকুলাইজ কৰাত ব্যৰ্থ হয় বন বিভাগ। স্থানীয় লোকৰ সহযোগত ৰছীৰে কৰায়ত্ত কৰে ঘোঁৰাকেইটাক। এখন ট্ৰাকৰ জৰিয়তে ডিব্ৰুগড় মোহনা ঘাটৰ বালি চাপৰিত মোকলাই দিয়ে ঘোঁৰাকেইটা।

ইপিনে সমান্তৰালকৈ ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। নলবাৰীৰ কেহেৰুৱাত মাজনিশা বন্যহস্তীৰ উপদ্ৰৱ। কথমপি প্ৰাণৰক্ষা কেহেৰুৱাৰ ৰঞ্জন ডেকা আৰু খগেন ডেকাৰ পৰিয়ালৰ। নিশাটোৰ ভিতৰতে ছয়-সাতজনীয়া বন্যহস্তীৰ এটা দলে লণ্ড-ভণ্ড কৰে দুটাকৈ পৰিয়ালৰ বাসগৃহ। বন্যহস্তীৰ উপদ্ৰৱত বিস্তৰ ক্ষতিসাধন বাসগৃহৰ।

নুমলীগড়তো অব্যাহত হাতী-মানুহৰ সংঘাত। নুমলীগড় আৰু বৃহত্তৰ মৰঙি মৌজাত ভয়াবহ ভাবে বৃদ্ধি পাইছে বন্যহাতীৰ সন্ত্ৰাস৷ ৰংবং, ফুলনি গাঁও, বকিয়াল আদি অঞ্চলত জাক জাক বন্যহস্তীৰ ত্ৰাস।

ইপিনে চামগুৰিত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ। চামগুৰিৰ মাজৰআটিত দিনদুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ। বন্যহস্তীয়ে জলকেলি কৰাৰ দৃশ্য সূলভ হৈ পৰিছে গাঁও খনত। গাঁও খনৰ সমীপৰ এখন কাঠনিত বিগত বহুদিন ধৰি অৱস্থান গ্ৰহন কৰিছে ৫/৬ জনীয়া এটা বন্যহস্তীৰ জাকে। যাৰ বাবে এতিয়া শংকাত দিন পাৰ কৰিছে গঞা ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...