শ্ৰীলংকাৰ পৰা ইংলেণ্ডলৈ উৰা মাৰিব দুজন ভাৰতীয় ক্ৰিকেটাৰ!

গুৱাহাটী, ২৫ জুলাই, NKTV: অলিম্পিককলৈ সমগ্ৰ বিশ্ব ব্যস্ত হৈ থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট মহলত সূৰ্যকুমাৰ যাদৱ আৰু পৃথ্বী শ্ব’ক লৈ চলিছে ব্যাপক চৰ্চা। শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা দুইজন খেলুৱৈক এতিয়া ইংলেণ্ডলৈ নিবলৈ বিচিচিআইয়ে চলাইছে যো-জা। কাৰণ ইংলেণ্ডত থকা ভাৰতীয় টেষ্ট দলটোক যেন এতিয়া লগ নেৰা হৈছে আঘাতে। ইতিমধ্যে, আঘাতপ্ৰাপ্ত হৈ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে শুভমান গিল, ৱাশ্বিংটন সুন্দৰ আৰু আবেশ খান। সেয়েহে আঘাতপ্ৰাপ্ত খেলুৱৈ সকলৰ ঠাইত সূৰ্যকুমাৰ যাদৱ আৰু পৃথ্বী শ্ব’ক ইংলেণ্ডলৈ পঠোৱাৰ চিন্তা-চৰ্চা চলাইছে BCCIয়ে। অৱশ্যে সূৰ্যকুমাৰ আৰু শ্ব’য়ে কেনেকৈ আৰু ক’ৰ পৰা ইংলেণ্ডলৈ উৰা মাৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। যিহেতু দুয়োজন বৰ্তমান শিখৰ ধাৱানৰ নেতৃত্বত হোৱাইট বল ক্ৰিকেটৰ বাবে শ্ৰীলংকাত আছে আৰু দেওবাৰে আৰম্ভ হ’ব লগা টি-20 শৃংখলাৰ বাবে দুয়োজনে প্ৰস্তুতি চলাই আছে। উল্লেখযোগ্য যে, পৃথ্বী শ্ব’ক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাত দূৰ্বল প্ৰদৰ্শনৰ বাবে টেষ্ট দলৰ পৰা বাহিৰ কৰা হৈছিল। আৰু যদি এইবাৰ টেষ্ট দলত পুনৰ স্থান দখল কৰিবলৈ সক্ষম হয় তেন্তে শ্ব’ৰ বাবে হ’ব এইটো ডাঙৰ সাফল্য। পৃথ্বী শ্ব’ য়ে, এতিয়ালৈকে ৫ খন টেষ্ট খেলি ৩৩৯ ৰাণ সংগ্ৰহ কৰিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৩৪ ৰাণ হ’ল তেওঁৰ সৰ্বাধিক স্ক’ৰ। ইপিনে সূৰ্যকুমাৰ যাদৱে এখনো আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত ভাগ লোৱা নাই যদিও ৰঞ্জি ট্ৰফীত নিজৰ বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সূৰ্যকুমাৰ যাদৱে বৰ্তমানলৈকে খেলিছে ৭৭ খন ৰঞ্জি মেচ। ৭৭ খন মেচত যাদৱে সংগ্ৰহ কৰিছে ৫,৩২৬ ৰাণ। এতিয়া লক্ষণীয় হ’ব যে, শ্ৰীলংকাত টি-২০ শৃংখলাৰ বাবে ব্যস্ত থকা সূৰ্যকুমাৰ যাদৱ আৰু পৃথ্বী শ্ব’ই লাভ কৰিব নে ইংলেণ্ডৰ টিকট? নে তেওঁলোকৰ ঠাইত টেষ্ট দলত স্থান পাব অইন কোনোবা খেলুৱৈয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...