এইবাৰ মৃত্যুৰ ভাবুকি বলীউডৰ বাদশ্বাহলৈ

বলীউডত বাজিছে মৃত্যুঘণ্টা !এজনৰ পিছত আনজন তাৰকাক মৃত্যুৰ ভাবুকি। প্ৰথমে ভাইজান ছলমানলৈ মৃত্যুৰ ভাবুকি। এইবাৰ মৃত্যুৰ ভাবুকি বলীউডৰ বাদশ্বাহলৈ। জনপ্ৰিয়তাৰ শিখৰত থাকিও মনত ভয়-শংকা লৈ ঘুৰিব লগা হৈছে বলীউডৰ একাংশ তাৰকাই। মৃত্যুভয়ে খেদিছে তেওঁলোকক। কিছুদিন পূৰ্বে মৃত্যুৰ ভাবুকি লাভ কৰিছিল ছুপাৰষ্টাৰ ছলমান খানে। লৰেন্স বিষ্ণৈৰ টাৰ্গেটত আছে ছলমান খান। ছলমান খানৰ পিছত এইবাৰ শ্বাহৰুখ খানলৈ আহিছে মৃত্যুৰ ভাবুকি। এটা বিশেষ ফোন নম্বৰৰ পৰা আহিছে এই ভাবুকি। ৭ নৱেম্বৰত বান্দ্ৰা পুলিচ ষ্টেচনলৈ আহিছিল সেই ৰহস্যজনক ফোনকল। হিন্দুস্তানী পৰিচয়েৰে শ্বাহৰুখক দিছে মৃত্যুৰ ভাবুকি। শ্বাহৰুখ খানলৈ দাবী ৫০ লাখ টকা।

এই খবৰে আতংকিত কৰিছে শ্বাহৰুখ খানৰ অনুৰাগীসকলক। মুম্বাই আৰক্ষী আৰু বান্দ্ৰা থানাতো সৃষ্টি হৈছে আতংকৰ। উক্ত নম্বৰটোৰ গৰাকীক ফাইজান আহমেদ বুলি চিনাক্ত আৰক্ষীৰ। চত্তীশগড়ৰ ৰায়পুৰত ঘৰ ফাইজানৰ পেছাত এজন অধিবক্তা ফাইজান। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফাইজানক। 308 আৰু 351 ধাৰাত গোচৰ ৰুজু ফাইজানৰ বিৰুদ্ধে। পূৰ্বেও মৃত্যুৰ ভাবুকি লাভ কৰিছিল শ্বাহৰুখ খানে। ২০২৩ত ‘পাঠান’ আৰু ‘জোৱান’ৰ বিপুল সফলতাৰ পিছতে লাভ কৰিছিল মৃত্যুৰ ভাবুকি। তাৰ পিছত বৃদ্ধি কৰা হৈছিল অভিনেতাজনৰ নিৰাপত্তা। দেশবাসীৰ মৰমৰ দুয়োজন অভিনেতালৈ অহা এই মৃত্যুভাবুকিয়ে একপ্ৰকাৰ সতচকিত কৰিছে চলচ্চিত্ৰ অনুৰাগীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...