শুধ বগা বস্ত্ৰৰে থিয়েটাৰগৃহ পালেগৈ অভিনেতা চন্দন ডেকা

জীৱন নাটৰ ভাৱৰীয়া…শুধ বগা বস্ত্ৰৰে থিয়েটাৰগৃহ পালেগৈ অভিনেতা চন্দন ডেকা। গ্ৰীন ৰুমত ৰঙীন পোছাক পিন্ধি বুকুত বেদনা সামৰি কৰি গ’ল অবিৰাম অভিনয়। অভিনয় শেষ কৰি আকৌ শুভ্ৰ বগা পোছাকত গৃহলৈ যাত্ৰা অভিনেতাজনৰ। জীৱন যুঁজ আৰু দায়িত্ববোধৰ এখন জীয়া ছবি ৰাজলক্ষ্মী থিয়েটাৰত।

পিতৃৰ মুখাগ্নি কৰিয়েই আকৌ মঞ্চত চন্দন। মঙলদৈত ৰাজলক্ষ্মী থিয়েটাৰত এতিয়া দুখন ছবি। এখন ছবি দৰ্শকে দেখা মঞ্চৰ, আনখন গ্ৰীণৰূমৰ। মঞ্চত দুৰ্দান্ত অভিনয় কৰিছে চন্দনে, আগৰ দৰেই। কিন্তু গ্ৰীণৰূমত এখন গধুৰ বুকু লৈ পিন্ধি আছে ধূতি-চেলেং। পিতৃহাৰা হোৱা চন্দনৰ দৃঢ়তা দেখি শলাগ লৈছে সকলোৱে। পিতৃৰ বিয়োগৰ খবৰ শুনিও কঠোৰ হৈ পালন কৰিছিল কৰ্ম। ৰাইজে দেখিছিল এজন শিল্পীৰ ত্যাগ আৰু দায়িত্বৰ নিদৰ্শন। ৰাইজে বুজিছিল- The show must go on। গোৱালপাৰাত পিতৃৰ শেষকৃত্য সম্পন্ন কৰিয়েই পুনৰ মঞ্চলৈ আহিল চন্দন ডেকা। মঙলদৈত চলি আছে ৰাজলক্ষ্মী থিয়েটাৰৰ পেণ্ডেল। গতিকে দায়িত্ব সম্পাদন কৰিবই লাগিব, পিতৃৰো আছিল উপদেশ। পিতৃয়ে শিকাই যোৱা কৰ্মক ধৰ্ম বুলি লোৱা চন্দনক এতিয়া শলাগিছে সকলোৱে। চন্দনক সমবেদনা জ্ঞাপন কৰিছে জ্যেষ্ঠ, সতীৰ্থ সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...