এটা দিনতেই সলিল সমাধি কেইবাজনো লোকৰ, নিখোজ কেইবাজনো

ৰাজ্যত বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। প্ৰচণ্ড গ্ৰীস্ম প্ৰবাহৰ পৰা ৰক্ষা পাবলৈ বহু লোকেই গৈছে পুখুৰী, নদী অথবা জলপ্ৰপাতত গা ধুবলৈ। তাৰ মাজতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘটিছে বহু অনাকাংক্ষিত ঘটনা। শুকুৰবাৰৰ দিনটোত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল কেইবাজনো লোকৰ। আনফালে নদী, পুখুৰী, জলপ্ৰপাতত গা ধুবলৈ গৈ নিখোজ হ’ল কেইবাজনো। গোলাঘাট, শিলচৰ, বৰপেটাৰোড, গোগামুখ, নলবাৰী, কোকৰাঝাৰত ঘটিল শোকাৱহ ঘটনা।

গোলাঘাটৰ ওৱাটিং গাড়ীগাঁৱৰ দৈয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন তিনি কিশোৰ। মনোজ দীপ, কৈলাস ভক্টা আৰু কুমুদ ঝাল সন্ধানহীন। সন্ধানহীন কিশোৰ ৩জন নৱম শ্ৰেণীত অধ্যয়নৰত আছিল। ৩ কিশোৰৰ সন্ধানত দৈয়াং নদীত SDRFৰ অভিযান। বৃহস্পতিবাৰৰ পৰা নৈত সন্ধানহীন হৈ আছে কিশোৰ ৩জন। নদীৰ পাৰত উদ্ধাৰ হৈছে এখন চাইকেল, চেণ্ডেল আৰু কাপোৰ।

শিলচৰতো সংঘটিত হ’ল হৃদয়বিদাৰক ঘটনা। ভগ্নীৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ নিজেই হেৰাই গ’ল বায়েক। এই ঘটনা শিলচৰৰ বেৰেঙ্গাৰ। ঘৰৰ কাষতে থকা পুখুৰীত গা ধুবলৈ গৈছিল দুই ভগ্নী। গা ধুই থাকোতেই ভনীয়েক ডুব যায পানীত। ভনীয়েকক উদ্ধাৰ কৰিবলৈ যাওঁতেই বায়েকো ডুব যায় পানীত। ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে দুয়োকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও মৃত্যু হয় জ্যেষ্ঠ ভগ্নীৰ। ঘটনাক কেন্দ্ৰ কৰি শিলচৰতো শোকৰ ছাঁ।

বৰপেটাৰোডতো অঘটন। সমনীয়াৰ সৈতে জানত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰৰ। বৰপেটাৰোডৰ গুৱাগাছাত সংঘটিত এই শোকাৱহ ঘটনা। পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈ ১৫ বছৰীয়া জুমন ৰয়ৰ সলিল সমাধি।

নলবাৰীৰ ক্ষুদ্ৰ কটৰাতো শোকাৱহ ঘটনা। পুখুৰীত গা ধুবলৈ গৈ একেলগে সলিল সমাধি দুগৰাকী কিশোৰীৰ। মৃত কিশোৰী দুগৰাকী অংকিতা শৰ্মা (১৮) আৰু দীক্ষিতা শৰ্মা (১৩)
মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল দুয়োগৰাকী কিশোৰী

গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ সন্ধানহীন দুজন যুৱক। সন্ধানহীন এজন যুৱকৰ নাম গোলাপ পেগু। আনজন যুৱক নামচাইৰ লংলেট লাওচা। পূৰ্বেও জলপ্ৰপাতটোত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল যুৱক।

কোকৰাঝাৰৰ বালাগাঁৱতো সংঘটিত হয় অঘটন। পুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন এজন। সন্ধানহীন মঙ্গল ৰায় নামৰ এজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...