দুৰ্গোৎসৱত এটাৰ পিছত আন এটা অঘটন

দেশজুৰি চলি আছে শাৰদীয় দুৰ্গোৎসৱ। শাৰদীয় উৎসৱ বুলিলেই দেশব্যাপী চলে মহোৎসৱ। এই মহোৎসৱৰ আনন্দত চামিল হৈছে ৰাজ্যবাসীও। এই আনন্দ উৎসৱৰ মাজতে ৰাজ্যৰ পথে–উপপথে মৃত্যুৰ কোলাহল। হৃদয় বিদাৰক। অসহনীয়। পুৱাৰ ভাগতে গোলকগঞ্জৰ আগমণিত যি ঘটনা ঘটিল সেয়া সকলোৰে বাবেই মৰ্মান্তিক। ৰাতিপুৱা পথৰ দাঁতিত ৰৈ আছিল ৩ কণমানি। এটি কণমানিৰ কোলাত মাত্ৰ ৪০ দিনীয়া দেৱশিশু।
ক’ত কেনেকৈ কি হ’ল একো ধৰিবই নোৱাৰিলে কোনেও। তীব্ৰবেগী এখন বাহনে হেৰুৱালে নিয়ন্ত্ৰণ। এফালৰ পৰা মহটিয়াই গ’ল সকলো। থিতাতে প্ৰাণ গ’ল ৩টি কণমানিৰ। হাস্পতাললৈ নিয়াৰ বাটতে প্ৰাণবায়ু উৰিল ৪০ দিনীয়া আবু ৰিহানৰ। আগমণি সোণাখুলিৰ দ্বিতীয় খণ্ডৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এই পথ দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, GFX AS-17 L-6331 নম্বৰৰ গাড়ীখনত আছিল ২ স্বামী-স্ত্ৰী। স্বামীয়ে গাড়ী চলাবলৈ দিছিল স্ত্ৰীক। নিয়ন্ত্ৰণহীন বাহন চালকে মহতিয়াই নিলে কণমানি কেইটিক। অঞ্চলজুৰি শোকৰ ছাঁ।

সপ্তমীৰ নিশা হোজাইৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো ঘটিল শোকাৱহ ঘটনা। হোজাই সদৰ শংকৰদেৱ নগৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপতে ২চকীয়া আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হ’ল ২ বাইক আৰোহী। আঘাতপ্ৰাপ্ত হ’ল ৪চকীয়া বাহনৰ চালকো। প্ৰত্যক্ষদৰ্শীৰ মতে, ভুল দিশেৰে আহি আছিল দুৰ্ঘটনাগ্ৰস্ত ২চকীয়া বাহনখন। নিহত দুই যুৱক লংকাৰ সঞ্জয় বিশ্বাস আৰু শুভজিত চৰকাৰ।

একেধৰণৰ অঘটন দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দা মাৰিলে স্কুটাৰ আৰোহীয়ে। থিতাতে নিহত হ’ল নেঘেৰিটিঙৰ নাৰায়ণ বাউৰী আৰু মহেন্দ্ৰ বাউৰী।

দুৰ্ঘটনাৰ পৰা বাদ পৰি নগ’ল ডিব্ৰুগড় বাইপাছ। মটৰ চাইকেলেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত ডিব্ৰুগড়ৰ লেজাইৰ ২ যুৱক। দুৰ্ঘটনাস্থলীত পোৱা গ’ল বৰদৈবাম গাঁৱৰ পুস্প গগৈ নামৰ এজন যুৱকৰ নিথৰ দেহ। আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা ধীৰেণ গগৈক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হ’ল AMCHলৈ। সংঘটিত দুৰ্ঘটনাৰ কাৰণ অদ্যপি অজ্ঞাত। দুৰ্ঘটনাস্থলীৰ নাতিদূৰৈত উদ্ধাৰ হ’ল দুই যুৱকৰ মটৰ চাইকেল।

বিগত ২৪ঘণ্টাত পোহৰলৈ অহা এই ৪টাকৈ মৰণ কঢ়িওৱা দুৰ্ঘটনাই শোকাহত কৰি তুলিছে প্ৰতিটো অঞ্চল। পথ সুৰক্ষাৰ নামত দিয়া হৈছে বিভিন্ন নীতি নিৰ্দেশনা। তাৰ পাছতো একো ফল ধৰা নাই। এটা মাত্ৰ ভুলেই শেষ কৰিছে এটাৰ পিছত আন এটি জীৱন। সকলোৱে আশা কৰিছে এনে দিন আৰু কাৰোৰে জীৱনলৈ নাহক। এনে ঘটনা কাৰো লগতে নঘটক।

Popular

More like this
Related

পুনৰ এক ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ

পুনৰ এক ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। চেন্নাইত যাত্ৰীবাহী...

দুৰ্গতিনাশিনীৰ আশিস ল’লে শিল্পীয়ে

পূজা পূজা বলিউড। জয়া বচ্চনৰ পৰা কাজল, ৰাণী মুখাৰ্জীলৈ…...

নিশা গুৱাহাটীৰ জু-ৰোডৰ এটা স্থানতে দুটাকৈ দুর্ঘটনা

গুৱাহাটীৰ জু-ৰোডত নিশা সংঘটিত হয় ভয়াৱহ দুর্ঘটনা। চাৰিচকীয়া বাহনৰ...

টাটা গ্ৰুপৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা

টাটা গ্ৰুপৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা। ৰতন টাটাৰ...