পুনৰ সুকীয়া ৰাজ্যৰ দাবীত উত্তাল হ’ব অসম!

পুনৰ সুকীয়া ৰাজ্যৰ দাবীত উত্তাল হ’ব নেকি অসম? পুনৰ পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিলে অসম ভৈয়াম জনজাতি পৰিষদে। আজি বাক্সা জিলাৰ বৰমাত এক সংবাদমেলযোগে পৃথক উদয়াচল ৰাজ্যৰ দাবীত সৰৱ হৈ পৰিল অসম ভৈয়াম জনজাতি পৰিষদ চমুকৈ পিটিচিএ। বৰমাৰ দৰবাৰ হ’লত সংগঠনটোৱে সংবাদমেলযোগে পৃথক ৰাজ্যৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সংবাদমেলত ১৯৬৭ চনতে গঠন হোৱা অসম ভৈয়াম জনজাতি পৰিষদে ৩খনকৈ বড়ো চুক্তিক লৈ অকণো সন্তুষ্ট নহয় বুলি দোহাৰি সংগঠনটোৱে পুনৰ সক্ৰিয় ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি মত প্ৰকাশ কৰে। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত জনজাতিসকলক পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা বা উন্নয়ন কৰিব পৰা নাই বুলি অভিযোগ কৰে। প্ৰস্তাৱিত উদয়াচল ৰাজ্যই ষষ্ঠ অনুসূচীৰ ৰাইজৰ কোনোধৰণৰ ক্ষতি নকৰে বুলি দাবী কৰে সংগঠনটোৱে । ইয়াৰ লগতে দীৰ্ঘদিন ধৰি নিস্ক্ৰিয় হৈ থকা সংগঠনটোৱে পৃথক উদয়াচল ৰাজ্যৰ দাবীক প্ৰকৃতাৰ্থত কাৰ্যক্ষম কৰাৰ মানসেৰে যোৱা ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বাথৌপুৰীত এখন সাধাৰণ সভা আহ্বান কৰি এখন শক্তিশালী সমিতি গঠন কৰে বুলিও জানিবলৈ দিয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...