পুনৰ সুকীয়া ৰাজ্যৰ দাবীত উত্তাল হ’ব অসম!

পুনৰ সুকীয়া ৰাজ্যৰ দাবীত উত্তাল হ’ব নেকি অসম? পুনৰ পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিলে অসম ভৈয়াম জনজাতি পৰিষদে। আজি বাক্সা জিলাৰ বৰমাত এক সংবাদমেলযোগে পৃথক উদয়াচল ৰাজ্যৰ দাবীত সৰৱ হৈ পৰিল অসম ভৈয়াম জনজাতি পৰিষদ চমুকৈ পিটিচিএ। বৰমাৰ দৰবাৰ হ’লত সংগঠনটোৱে সংবাদমেলযোগে পৃথক ৰাজ্যৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সংবাদমেলত ১৯৬৭ চনতে গঠন হোৱা অসম ভৈয়াম জনজাতি পৰিষদে ৩খনকৈ বড়ো চুক্তিক লৈ অকণো সন্তুষ্ট নহয় বুলি দোহাৰি সংগঠনটোৱে পুনৰ সক্ৰিয় ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি মত প্ৰকাশ কৰে। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত জনজাতিসকলক পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা বা উন্নয়ন কৰিব পৰা নাই বুলি অভিযোগ কৰে। প্ৰস্তাৱিত উদয়াচল ৰাজ্যই ষষ্ঠ অনুসূচীৰ ৰাইজৰ কোনোধৰণৰ ক্ষতি নকৰে বুলি দাবী কৰে সংগঠনটোৱে । ইয়াৰ লগতে দীৰ্ঘদিন ধৰি নিস্ক্ৰিয় হৈ থকা সংগঠনটোৱে পৃথক উদয়াচল ৰাজ্যৰ দাবীক প্ৰকৃতাৰ্থত কাৰ্যক্ষম কৰাৰ মানসেৰে যোৱা ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বাথৌপুৰীত এখন সাধাৰণ সভা আহ্বান কৰি এখন শক্তিশালী সমিতি গঠন কৰে বুলিও জানিবলৈ দিয়ে ৷

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...