চাবোনৰ বাকচত পতি-পত্নীয়ে সৰবৰাহ কৰিছিল ড্ৰাগছ, জব্দ ৫০ হাজাৰ টকাৰ ড্ৰাগছ

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষী-প্ৰশাসনৰ ৷ গোপন সূত্ৰৰ পম খেদি এইবাৰ হোজাই জিলাত চলিল অভিযান। ডবকা চহৰৰ ১নং ৱাৰ্ডত ডবকা আৰক্ষী আৰু হোজাই জিলা আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ অভিযান ৷ অভিযানত তিনিটা চাবোনৰ বাকচত ৮৮ গ্ৰাম হেৰইন জব্দ ৷ লগতে এহাল দম্পতীক আটক ৷ ধৃত লোক দুজন ফাৰুক হুছেইন আৰু আছিয়া বেগম ৷ দুয়োৰে ঘৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত হালধীআটীত ৷ জব্দ কৰা হেৰইনখিনিৰ অনুমানিক বজাৰ মূল্য ৫০ হাজাৰ টকা বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছখিনি কৰপৰা কাক বিক্ৰী কৰিবলৈ আনিছিল সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। সম্প্ৰতি দুয়োকে ডবকা থানাত আৰু অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...