গুলীৰে থকাসৰকা হ’ল ‘গ্লেডিয়েটৰ’ নাংগাল আম্বিয়ান, কাবাডী খেলি থাকোঁতেই কোনে হত্যা কৰিলে?

আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ নাংগাল আম্বিয়ানক গুলীয়াই হত্যা। খেল চলি থাকোঁতেই নৃশংসভাবে গুলীয়াই হত্যা কৰিলে খেলুৱৈজনক। পঞ্জাৱৰ জলন্ধৰৰ মালিয়ানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মৃত খেলুৱৈগৰাকীৰ ঘৰ পঞ্জাৱৰ আম্বিয়ান গাঁৱত। প্ৰায় ২০জাঁই গুলীৰে মূৰ আৰু বুকুত ধাৰাসাৰ গুলীবৰ্ষণ কৰে। গ্লেডিয়েটৰ ৰূপে খ্য়াতি অৰ্জন কৰিছিল খেলুৱৈগৰাকীয়ে।

প্ৰথমে ৰাজ্যিক পৰ্যায়ত কাবাডী খেলত ভাগ লৈছিল আৰু পঞ্জাৱত সফল খেলুৱৈৰূপে বিবেচিত হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পেচাদাৰী খেলুৱৈৰূপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছিল। কেৱল পঞ্জাৱতে নহয়, আমেৰিকা, ব্ৰিটেইন, কানাডাতো নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল সন্দীপে। ইতিমধ্যে খেলুৱৈগৰাকীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ফটো আৰু ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। একাংশৰ সন্দেহ, কাবাডী ফেডাৰেচন বা ক্লাবৰ সৈতে হোৱা বিবাদৰ পৰিণতিতে সন্দীপক হত্য়া কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...