কোকৰাঝাৰত গাৰ নোম শিয়ৰি যোৱা ঘটনা

বুধবাৰে কাহিলী পুৱাতে কোকৰাঝাৰ চহৰত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তীক অচিনাক্ত দুৰ্বৃত্তই দা-ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হৈ আছে অভিযন্তাগৰাকীৰ পত্নী মধুমিতা চক্ৰৱৰ্তী। কোকৰাঝাৰ চহৰৰ বিধানপল্লীৰ এটা প্ৰকাণ্ড অট্টালিকাত অকলশৰে থাকিছিল দম্পতীটো। তেওঁলোকৰ কন্যা থাকে আমেৰিকাত, পুত্ৰ থাকে বাংগালুৰুত। মৃত্যুৰ পূৰ্বে অভিযন্তাগৰাকীয়ে এজন লোকক কৈ থৈ গ’ল শিহৰণকাৰী কথা।


কোকৰাঝাৰত গাৰ নোম শিয়ৰি যোৱা ঘটনা
অৱসৰপ্ৰাপ্ত অভিযন্তাক দা-ৰে ঘপিয়াই ঘপিয়াই হত্যা
দুৰ্বৃত্তৰ দা-ৰ ঘাপত গুৰুতৰ ভাবে আহত পত্নী
বিশাল অট্টালিকাত অকলশৰে থাকিছিল বৃদ্ধ দম্পতী
কন্যা থাকে আমেৰিকাত, পুত্ৰ থাকে বাংগালুৰুত
মৃত্যুৰ আগমূহুৰ্তত অভিযন্তাৰ মুখত শিহৰণকাৰী কথা


ঘৰৰ দুৱাৰমুখত তেজৰ চেঁকুৰা
ঘৰৰ চোতালত তেজৰ চিতিকনি

বুধবাৰে কাহিলীপুৱাতে কোকৰাঝাৰৰ চহৰৰ বিধানপল্লীৰ এই বিশাল অট্টালিকাটোত সংঘটিত হৈ গ’ল গাৰ নোম শিয়ৰি যোৱা ঘটনা। বুধবাৰে পুৱা প্ৰায় ৫-৫.৩০ বজাত অজ্ঞাত দুৰ্বৃত্তই দা-ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰি থৈ যায় ৭০ বছৰীয়া তপন চক্ৰৱৰ্তীক। সেই সময়ত শোৱা পাটিতে থকা তপন চক্ৰৱৰ্তীৰ পত্নীকো দা-ৰে ডিঙিৰ পিছফালে ঘপিয়ায় অচিনাক্ত দুৰ্বৃত্তই। এই লোমহৰ্ষক আক্ৰমণৰ ঘটনাত আহত মধুমিতা চক্ৰৱৰ্তী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত। সন্দেহৰ আঙুলি উঠিছে এই জনলৈ। ঘটনাস্থলীৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা-খনো।

কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা আছিল তপন চক্ৰৱৰ্তী। পত্নী মধুমিতা চক্ৰৱৰ্তী আছিল ডি এন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী। কোকৰাঝাৰৰ বিধানপল্লীৰ এই অট্টালিকাটোত অকলশৰে থাকিছিল তপন চক্ৰৱৰ্তী আৰু পত্নী মধুমিতা চক্ৰৱৰ্তী। বৃদ্ধ দম্পতীটোৰ দুই সন্তানৰ কন্যা থাকে আমেৰিকাত, পুত্ৰ থাকে বাংগালুৰুত। দৈনিক ইটো সিটো সহায়ৰ বাবেও কোনো নাছিল ৭০ বছৰীয়া তপন চক্ৰৱৰ্তী আৰু ৬৫ বছৰীয়া মধুমিতা চক্ৰৱৰ্তীৰ কাষত। বুধবাৰে পুৱা সংঘটিত এই ভয়ংকৰ ঘটনাৰ পিছতে আহত ৰক্তৰঞ্জিত দেহেৰে চিঞৰি চিঞৰি এজনক মাতে তপন চক্ৰৱৰ্তীয়ে। তেওঁক সমস্ত কথা বিৱৰি কয় অৱসৰপ্ৰাপ্ত অভিযন্তাগৰাকীয়ে। কথাখিনি কোৱাৰ পিছতে মৃত্যু হয় তপন চক্ৰৱৰ্তীৰ।

মৃত্যুৰ খন্তেক পূৰ্বে তপন চক্ৰৱৰ্তীয়ে দি যোৱা এই বিস্ফোৰক স্বীকাৰোক্তিত ফাদিল হয় এজন যুৱকৰ কথা। যুৱক এইজন। নাম শম্ভু কাহাৰ ওৰফে শীল। পেচাত ৰাজমিস্ত্ৰী শম্ভু কাহাৰ। অৱসৰপ্ৰাপ্ত অভিযন্তাগৰাকীৰ ঘৰতো ৰাজমিস্ত্ৰীৰ কাম কৰিছিল সম্প্ৰতি পলাতক হৈ থকা শম্ভু কাহাৰে। আৰক্ষীৰ সন্দেহ, কাম কৰাৰ সময়তে তপন চক্ৰৱৰ্তীৰ ঘৰত থকা ধনৰ সম্ভেদ পাইছিল শম্ভু কাহাৰে। সেই ধনৰ বাবেই শম্ভুৱে দুয়োকে হত্যাৰ চেষ্টা চলোৱাৰ সন্দেহ, য’ত কথমপি প্ৰাণ ৰক্ষা পৰে মধুমিতা চক্ৰৱৰ্তীৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পদে পদে বিপদ, কি কি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ?

আৰম্ভ হ’ল সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ যাত্ৰা। মহাকাশ আস্থানৰ...

বিশ্বজুৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজত সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন আৰম্ভ

বিশ্বজুৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজত সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন আৰম্ভ।...

গুৱাহাটীৰ উভয় আই পি এল মেচৰ অফলাইন টিকট কাউণ্টাৰ মুকলি

আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ গুৱাহাটীৰ এ চি...

বিশ্বৰ সুখী দেশসমূহৰ অন্যতম ভূটান কিয় ট্ৰাম্পৰ ভ্ৰমণ নিষেধাজ্ঞাৰ তালিকাত?

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এখন নতুন বিস্তৃত ভ্ৰমণ নিষেধাজ্ঞাৰ পৰিকল্পনা...