যোৰহাটত মাটিৰ দালালৰ দৌৰাত্ম্যত নিৰপৰাধী লোকৰ মৃত্যুৰ চাঞ্চল্যকৰ অভিযোগ

যোৰহাটত মাটিৰ দালালৰ দৌৰাত্ম্যত এজন নিৰপৰাধী লোকৰ মৃত্যুৰ চাঞ্চল্যকৰ অভিযোগ।প্ৰায় ডেৰ কোটিৰ অধিক ধনৰ কেলেংকাৰীৰ তথ্য বিচৰাৰ বাবেই দালাল চক্ৰৰ তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ দুদিন পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল নিৰঞ্জন বৰা নামৰ যুৱকজন। অৱশেষত চিকিৎ‍সালয়ত মৃত্যুক আকোঁৱালি লয় যুৱকজনে। তাৰ পিছতে যোৰহাটত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

বুকু শুদা হ’ল এগৰাকী দুৰ্ভগীয়া মাতৃৰ
অকালতে বিধবা সাজ পিন্ধি দিকবিদিক হেৰুৱাইছে এগৰাকী মহিলাই
পখিলা খেদাৰ বয়সতে পিতৃহাৰা কন্যা বুজিয়েই পোৱা নাই প্ৰকৃততে হৈছে কি?
কিন্তু এই কৰুণ ঘটনাৰ বাবে দায়ী কোন?

অভিযোগ অনুসৰি দালালৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে যোৰহাটৰ নিৰঞ্জন বৰাৰ। সৰবৰহী যুৱকজনৰ ভুল হ’ল যোৰহাটত সংঘতিত ১৫৯ কোটিটকীয়া ভূমি কেলেংকাৰী বিৰুদ্ধে মাত মতা। ৰৰৈয়া বিমানবন্দৰৰ পৰা AT-ৰোড সংযোগী নাওশলীয়া পথ সম্প্ৰসাৰণত হৈছিল এই বৃহৎ‍ কেলেংকাৰী। অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপুৰণ প্ৰদানৰ নামত দালল চক্ৰই লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। সেই অঞ্চলৰে বাসিন্দা নিৰঞ্জন বৰাই নিজৰ ৯লেচা ভূমিৰ ক্ষতিপূৰণৰ ধন লাভ কৰা নাছিল। সেইবাবেই RTI-ৰ জৰিয়তে বিচাৰিছিল ভূমি অধিগ্ৰহণ আৰু আবন্টিত ধনৰ তথ্য। যাৰ বাবেই দালাল চক্ৰৰ ৰোষত পৰিল নিৰঞ্জন বৰা। সন্মুখীন হ’ল তীব্ৰ মানসিক আতিশয্যৰ। অভিযোগ উঠিছিল পথচোৱাৰ কামৰ পৰ্যবেক্ষণৰ বাবে গঠন কৰা ৰাজহুৱা সমিতিৰ সভাপতি– সম্পাদক আৰু লাটমণ্ডলৰ বিৰুদ্ধে। ৰাজহুৱা সমিতিৰ সভাপতি মনজিৎ‍ বৰবৰা ওৰফে টেকে আৰু সম্পাদক পেছাত শিক্ষক পুলক বৰাই মণ্ডল তীৰ্থ গোহাঁইৰ সৈতে মিলি ক্ষতিপুৰণৰ ধন আত্মসাৎ‍ কৰাৰ অভিযোগ উঠিছিল। এই চক্ৰটোৰ নেতৃত্বতে দুৰ্নীতিৰ তথ্য বিচৰাৰ বাবেই নিৰঞ্জনক একপ্ৰকাৰ এঘৰীয়া কৰাৰ প্ৰচেষ্টা চলিছিল।তীব্ৰ মানসিক চাপত ভুগি মঙলবাৰে এই সমস্ত কেলেংকাৰীৰ কথা সংবাদমাধ্যমৰ আগত বিবৰী কোৱাৰ সময়তে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল নিৰঞ্জন। প্ৰথমে যোৰহাট তাৰ পিছত ডিব্ৰুগড়ৰ অসম চিকিৎ‍সা মহাবিদ্যালয়ত চলিছিল চিকিৎ‍সা। কিন্তু বৃহস্পতিবাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি মৃত্যুৰ ওচৰত হাৰ মানিলে নিৰঞ্জনে। আৰু তাৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যোৰহাটৰ বিভিন্ন দল সংগঠনৰ দাবী নিৰঞ্জনৰ মৃত্যু স্বাভাৱিক নহয়। হত্যা কৰা হ’ল নিৰঞ্জন বৰাক।

প্ৰায় ডেৰশ কোটি টকীয়া এই কেলেংকাৰীৰ তথ্য উদ্ঘাটনৰ বাবে চেষ্টা কৰাৰ বাবেই দালল চক্ৰই কি দৰে মানসিক আতিশায্য চলাইছিল যুৱকজনক? একাংশ প্ৰতিবেশীয়ে দিলে সেই বিবৰণ।

তাৎ‍পৰ্যপূৰ্ণ কথাটো হ’ল এই বৃহৎ‍ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো ৰহস্যজনকভাৱে নিৰ্বিকাৰ হৈ থাকিল যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়। সেইবাবেই লাট মণ্ডল, শিক্ষক ৰূপী দালাল আৰু কুখ্যাত মাটিৰ দালালৰ দৌৰাত্ম্যত এজন নিৰপৰাধী যুৱকে অকাল মৃত্যুক আকোঁৱালি লোৱাৰ অভিযোগৰ উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰিলে যোৰহাত জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে।

সমান্তৰালকৈ নিৰঞ্জনৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে সকলো দল সংগঠনক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনোৱাৰ লগে নিৰঞ্জনে তথ্য জনাৰ অধিকাৰ আইনৰ জড়িয়তে বিচৰা তথ্য ৰাজহুৱা কৰাৰো উঠিছে দাবী।

ডেৰশ কোটিৰো অধিক টকাৰ কেলেংকাৰি উদ্ঘাটন কৰিবলৈ গৈ অকাল মৃত্যুক আকোঁৱালি লোৱা নিৰঞ্জনেই আছিল পৰিয়ালটোৰ একমাত্ৰ সাৰথি। নিৰঞ্জনৰ মৃত্যুত আজি দিশহাৰা মাতৃ, পত্নীসহ পৰিয়াল। নিথৰুৱা হ’ল নিৰঞ্জনৰ ৪ বছৰীয়া কণমানি। অকালতে পুত্ৰ হেৰুৱাই সেয়ে হতভগীয়া মাতৃৰ কাতৰ আহ্বান।

দালালৰ বিৰুদ্ধে ধাৰাৱাহিক অভিযান চলোৱা ৰাজ্য চৰকাৰে এই গৰাকী দুখীনি মাতৃৰ কাতৰ আহ্বানক কিমান গুৰুত্ব দিয়ে সেয়াহে হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...