ছিনিয়ৰবিলাকে শৰীৰৰ বিভিন্ন অংশৰ মাছাজ কৰোৱাইছিল, অলিম্পিয়ান দ্যুতিৰ অকথিত অধ্যায়

এভ্ৰি লিজেণ্ড হেজ এ বিগিনিং বুলি কোৱা হয়। সৰু সৰু অঞ্চলবিলাকৰ পৰা নিজৰ সপোন পূৰণৰ বাবে ডাঙৰ চহৰলৈ আহোঁতে বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হব লগা হয়। নিজৰ প্ৰতিভাৰে উজলি দেশৰ গৌৰৱ হোৱালৈ বহু তাৰকাই সহ্য কৰিব লগা হয় নামবিহীন বেথা। অলিম্পিয়ান দৌৰবিদ ওড়িশাৰ সুসন্তান দ্যুতি চান্দৰ ক্ষেত্ৰতো আৰম্ভণিতে তেনে ঘটনাই ঘটিছিল। ২০০৬-০৮ৰ সময়ছোৱাত ভুৱনেশ্বৰত প্ৰচুৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছিল। খেলৰ বাবে বাহৰ পতা হোষ্টেলত বিভিন্ন মানসিক আতিশায্যৰ চিকাৰ হৈছিল খেলুৱৈগৰাকী। উল্লেখ্য যে, বিজেবি এটনমাছ কলেজৰ এগৰাকী শিক্ষাৰ্থীৰ ৰহস্যজনক মৃত্যুৰ পিছতে মুকলিভাবে এই কথা প্ৰকাশ কৰিছে খেলুৱৈগৰাকীয়ে। কিয়নো সেইগৰাকী শিক্ষাৰ্থীয়ে ৰেগিঙৰ বাবেই চৰম সিদ্ধান্ত লোৱা বুলি আশংকা কৰা হৈছে। দ্যুতিৰ ভাষাত- দিদি (ছিনিয়ৰ) বোৰে মোক মাছাজ কৰোৱাইছিল। শৰীৰৰ মালিচ দিয়া আৰু তেওঁলোকৰ কাপোৰ ধুবলৈ বাধ্য কৰোৱা হৈছিল মোক। ইয়াৰ লগতে মোৰ প্ৰিয় বন্ধুক লৈও বিভিন্ন কটু মন্তব্য কৰিছিল। এই ঘটনাই যথেষ্ট ব্যথিত কৰিছিল মোক, মই বাৰম্বাৰ কৰ্তৃপক্ষক অভিযোগ দিছিলো যদিও মোৰ আবেদন কোনেও গুৰুত্ব দিয়া নাছিল।
শেষবাৰলৈ হোষ্টেলৰ ইন-চাৰ্জ বা দায়িত্ববাহী বিষয়াজনক যেতিয়া এই বিষয়ে কবলৈ গৈছিলো, তেতিয়া মোক ধমকহে দিছিল। তীব্ৰ স্বৰত মোক একপ্ৰকাৰ ভাবুকি দিছিল। মানসিকভাবে কোনো সমৰ্থন নোপোৱাত একপ্ৰকাৰ মই সেই সময়ত অসহায় হৈ পৰিছিলোঁ, এইদৰে কয় দ্যুতিয়ে।
উল্লেখ্য যে, ২ জুনত এগৰাকী ১৯ বছৰীয়া ছাত্ৰীৰ নিথৰ দেহ ভুৱনেশ্বৰত উদ্ধাৰ হৈছিল। ওলমি থকা মৃতদেহৰ তলত পোৱা গৈছিল এখন টোকা, যত স্পষ্টভাবে ছাত্ৰীগৰাকীয়ে লিখি থৈ গৈছে-মোক ৩গৰাকী জ্যেষ্ঠ ছাত্ৰীয়ে মানসিক হাৰাশাস্তি কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

নুমলীগড়ৰ ঔগুৰি চাপৰিত এতিয়া শোকাকুল পৰিৱেশ

মৃত্যু জীৱনৰ চিৰন্তন সত্য। কিন্তু এনে মৃত্যুক জানো মানি...

মহাকুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু অসমৰ এজনৰ

মহাকুম্ভ মেলাৰ পদপিষ্টৰ ঘটনাত নিহত অসমৰ ভক্ত। হাইলাকান্দিৰ পৰা...

মহাকুম্ভমেলাত পদপিষ্ট হৈ আহত অসমৰ এজন লোক

মহাকুম্ভ মেলাৰ পদপিষ্টৰ ঘটনাত আহত অসমৰ ভক্তহাইলাকান্দিৰ পৰা মহাকুম্ভ...

চলি আছিল বনভোজ, কিন্তু হঠাৎ আলহী হৈ আহিল গজৰাজ

চলি আছিল বনভোজ। মাছে-মাংসই এসাজ খাবলৈ সাজু হৈছিল সকলো।...