মহাত্মা গান্ধীক চৰম অপমান, কালিচৰণ মহাৰাজক গ্ৰেপ্তাৰ

ছত্তীশগড়ত অনুষ্ঠিত ধৰ্মীয় সভাত মহাত্মা গান্ধীক লৈ আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় নেতা কালিচৰণ মহাৰাজ। ৰায়পুৰ আৰক্ষীয়ে খাজুৰাহোৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে কালিচৰণ মহাৰাজক। আজি ৰায়পুৰৰ আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্ত ধৰ্মীয় নেতাজনক। কালিচৰণ মহাৰাজৰ বিৰুদ্ধে ৰায়পুৰৰ টিকাৰাপাৰা থানাত ৰুজু কৰা হৈছে এটা গোচৰ। ধৰ্মীয় সভাত কালিচৰণ মহাৰাজে মহাত্মাক জাতিৰ পিতাৰূপে স্বীকাৰ কৰিবলৈ অমান্তি হৈছিল। ইয়াৰ বাবে তেওঁক মৃত্যুদণ্ড দিলেও তেওঁ মানি ল’ব বুলি মন্তব্য কৰিছিল।

কালিচৰণ মহাৰাজৰ এই মন্তব্য ভাইৰেল হৈ পৰাৰ পিছতে ৰায়পুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। মহাত্মা গান্ধীয়ে দেশখন ধ্বংস কৰা বুলি মন্তব্য কৰি ধৰ্মীয় নেতাজনে গান্ধীজীক হত্যা কৰা নাথুৰাম গডছেক বিশেষভাৱে প্ৰশংসা কৰে। ইছলাম সম্পৰ্কতো বিৰূপ মন্তব্য কৰি ধৰ্মীয় নেতা কালিচৰণ মহাৰাজে কয় যে, ৰাজনীতিৰ জৰিয়তে দেশৰ ক্ষমতা দখল কৰাই হ’ল ইছলামৰ একমাত্ৰ উদ্দেশ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...