ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছেবাই মুকলি কৰিলে বিশেষ প’ৰ্টেল

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ছেবাই মুকলি কৰিলে বিশেষ অনলাইন প’ৰ্টেলৰ। যাৰ জৰিয়তে পৰীক্ষাৰ্থী সকলে বিভিন্ন বিষয়ৰ পৰীক্ষাৰ উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব৷ ইয়াৰ লগতে মেট্রিক পৰীক্ষাৰ উত্তৰ বহীৰ ফটো কপিও বিচাৰি আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে।

১০ জুনৰ পুৱা ৬ বজাৰ পৰা ২০ জুনৰ সন্ধিয়া ৫ বজালৈকে খোলা থাকিব এই পৰ্টেলত আবেদন কৰাৰ সময়সীমা। ছেবাৰ অনলাইন পৰ্টেল sebaonline.org ত কৰিব লাগিব আবেদন। পৰীক্ষাৰ্থীসকলে প্রতিটো বিষয়ৰ উত্তৰ বহীসমূহ পুনৰীক্ষণৰ বাবে অনলাইনযোগে পৰিশোধ কৰিব লাগিব ৩৫০ টকা। লগতে উত্তৰ বহীৰ পুনৰীক্ষণ আৰু ফটো কপি বিচাৰিলে দিব লাগিব ৫৫০ টকা।

অসম মাধ্যমিক শিক্ষা পৰিষদে জনোৱা অনুসৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতহে আবেদন কৰিব লাগিব পৰীক্ষাৰ্থীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...