এইবাৰ আক্ৰমণাত্মক ভাৰত, চলিছে আয়োজন

✒️অচিন্ত্য শৰ্মা

নুপুৰ শৰ্মাৰ মন্তব্যক কেন্দ্ৰ কৰি আৰব বিশ্বৰ লগত সৃষ্টি হোৱা ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্কই লাহে লাহে ৰূপ ল’ব ধৰিছে অৰ্থনৈতিক সংঘাটৰ। বে-চৰকাৰী ব্যক্তি এগৰাকীৰ এটা মন্তব্যক অচিলা হিচাপে লৈ প্ৰায় সমগ্ৰ মুছলিম দুনিয়াই ভাৰত চৰকাৰ আৰু ভাৰত ৰাষ্ট্ৰক অপমান কৰিবলৈ অহৰহ অপচেষ্টা চলাই থকাৰ পিছত এইবাৰ নতুন দিল্লীয়ে কৰিছে কিছু প্ৰতিব্যৱস্থাৰ আয়োজন। সেই অনুসৰি মোদী চৰকাৰে হঠাৎ লৈছে ৰুছিয়াৰ পৰা আমদানিকৃত তেলৰ পৰিমাণ দুগুণ কৰাৰ সিদ্ধান্ত। যদিহে এই সিদ্ধান্ত তৎকালে কাৰ্যকাৰী হয়, তেনেহ’লে এইবাৰৰ পৰাই ভাৰতে কমাই দিব পাৰিব বিশ্ব বা অ’পেকৰ তেলৰ ওপৰত নিজৰ নিৰ্ভশীলতা। লগে লগে আৰব বিশ্বৰ ওপৰত পৰিব ওলোটা একধৰণৰ অৰ্থনৈতিক হেঁচা। কাৰণ তেল আৰু খেজুৰৰ বাহিৰে অন্য একো নথকা আৰব বিশ্বই যদি ভাৰতৰ বিশাল বজাৰখন হেৰুৱাই পেলাই, তেনেহ’লে সেই দেশসমূহ সন্মুখীন হ’ব কাৰ্যতঃ এক বিত্তীয় দুৰ্যোগৰ। এনে অৱস্থাত ভাৰতৰ বিৰুদ্ধে গুজৰি থকা সেই দেশসূমূহে সোনকালেই নেজ পেলাই দিব বুলিও আশা কৰা হৈছে।

অবশ্যে অকল ৰুছিয়াৰ তেলৰ ওপৰত নিৰ্ভয় কৰিয়েই ভাৰতে আৰব বিশ্বৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ কৰিব খোজা নাই। ইয়াৰ লগতে দেশত জোৰদাৰ কৰি তোলা হৈছে পেট্ৰ’লৰ লগত ইথানল মিহলি কৰাৰ প্ৰক্ৰিয়াও। কেন্দ্ৰীয় চৰকাৰ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতত সম্প্ৰতি ২০ শতাংশ প্ৰেট্ৰ’লৰ লগত ইথানল মিহলি কৰা হয়। এতিয়া এই পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। সমান্তাৰালভাবে জোৰ দিয় হৈছে দেশৰ বৈদ্যুতিক বাহন আৰু হাইব্ৰীড বাহন উত্পাদনৰ গতি ত্বৰাণ্বিত কৰাতো।

লক্ষণীয়ভাবে তেলৰ বাহিৰে অন্য একো ক্ষেত্ৰতে ভাৰত আৰব বিশ্বৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াৰ বিপৰীতে আৰব বিশ্বহে খাদ্য-সামগ্ৰীৰ পৰা সস্তীয়া শ্ৰমিকৰলৈকে, প্ৰযুক্তিৰ লৈকে অভিযন্তালৈকে বহু ক্ষেত্ৰতে ভাৰতৰ ওপৰত নিৰ্ভৰশীল। ৰুছ ইউক্ৰেইন যুদ্ধই শেহতীয়া ভাবে অধিক বঢ়াই তুলিছে এই নিৰ্ভশীলতা। এনে পেক্ষাপটত আৰব বিশ্ব বা মুছলিম দুনিয়াই ভাৰতীয় সামগ্ৰী বৰ্জন কৰিব পৰা বা সেই দেশ সমূহৰ পৰা ভাৰতীয় শ্ৰমিক কৰ্মচাৰীক বিতাড়িত কৰিব পৰা অৱস্থাত নাই বুলি জোৰ দি কৈছে পৰ্যবেক্ষক মহলে। অৰ্থাৎ সমগ্ৰ ঘটনাক্ৰমত এতিয়াও সুবিধাজনক বা তুলনামূলকভাবে অধিক শক্তিশালী স্থিতিত আছে ভাৰতবৰ্ষ। তৎসত্বেও অকল মুছলিম তুষ্টিকৰণ নীতিৰ অংশ হিচাপেই মোদীয়ে অ’ আই চিৰ ওচৰত আঠু লৈ দেশক লজ্জানত কৰা ঘটনাই এতিয়া বিক্ষুব্ধ কৰি তুলিছে প্ৰতিগৰাকী দেশপ্ৰেমিক তথা ৰাষ্ট্ৰবাদী ভাৰতীয়ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...