চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ গোচৰৰ শুনানিত পশ্চিমবংগ চৰকাৰলৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

আৰ জি কৰ কাণ্ডৰ শুনানিৰ দ্বিতীয় দিন। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিবুধিত ৰাজ্য চৰকাৰ। উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন– মৰণোত্তৰ পৰীক্ষাৰ পিছত কিদৰে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু হ’ল? পুৱা ১০.১০ বজাত অভিযোগ দাখিল কৰা হৈছিল আৰক্ষী থানাত। নিশা ১১.৩০ বজাত ঘটনাস্থলী ছীল কৰিছিল আৰক্ষীয়ে। ইমান সময়ে তাত কি হৈছিল?

আৰ জি কৰ হাস্পতালৰ চিকিৎসকৰ ধৰ্ষণ হত্যাৰ গোচৰৰ দ্বিতীয় দিনাৰ শুনানিত ৰাজ্য চৰকাৰলৈ এই প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে। এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এক প্ৰকাৰ নিশ্চুপ হৈ পৰে পশ্চিমবংগ চৰকাৰৰ অধিবক্তা কপিল ছিবাল। উত্তৰত কপিল ছিবালে কয় যে, ঘটনাস্থলীৰ ভিডিঅ’গ্ৰাফী কৰা হৈছে। ঘটনাৰ টাইমলাইনৰ বিষয়টো উত্থাপন কৰি ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠৰ সদস্য ন্যায়াধীশ জে বি পাৰদিৱালাই পুনৰ প্ৰশ্ন কৰে– টাইমলাইন অনুসৰি মৰণোত্তৰ পৰীক্ষণ কেতিয়া কৰা হৈছিল? কপিল ছিবালে উত্তৰ দিয়ে– মৰণোত্তৰ পৰীক্ষাৰ পিছত নিশা কিদৰে ৰুজু হ’ল অস্বাভাৱিক মৃত্যুৰ গোচৰ? ন্যায়াধীশৰ এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নিশ্চুপ হৈ ৰ’ল ৰাজ্য চৰকাৰৰ অধিবক্তা কপিল ছিবালে। সন্ধিয়া ৬.১০ ৰ পৰা ৭.১০ বজাৰ ভিতৰত চিকিৎসক গৰাকীৰ মৰণোত্তৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছত নিশা ১১.৩০ বজাত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰাৰ কি প্ৰয়োজন আছিল বুলিও প্ৰশ্ন কৰে ন্যায়াধীশে। পৰৱৰ্তী শুনানিত কলকাতা আৰক্ষীৰ শীৰ্ষ বিষয়াকো উপস্থিত থকাৰ নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। ইপিনে, প্ৰতিবাদী চিকিৎসকসকলক শীঘ্ৰে কৰ্তব্যত যোগদানৰ আহ্বান জনাই উচ্চতম ন্যায়ালয়ে লগতে কয় যে কৰ্মবিৰতি বা প্ৰতিবাদৰ বাবে কোনো চিকিৎসকৰ বিৰুদ্ধে হাস্পতাল কৰ্তৃপক্ষই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...