ভয়াৱহ বানৰ কবলত পৰিছে ত্ৰিপুৰাৰ বিস্তীৰ্ণ অঞ্চল

ভয়াৱহ বানৰ কবলত পৰিছে ত্ৰিপুৰাৰ বিস্তীৰ্ণ অঞ্চল। বানৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে বানাক্ৰান্তৰ হাহাকাৰো বৃদ্ধি পাইছে। শুকুৰবাৰে বিয়লি পৰ্যন্ত বানত মৃত্যু হৈছে ২২জনকৈ লোকৰ। বান পৰিস্থিৰ বুজ ল’লে মুখ্যমন্ত্ৰী মানিক সাহাই। ৮ খন জিলাত জাৰি কৰা হৈছে সতৰ্কতা। দুদিনলৈ অব্যাহত থাকিব প্ৰৱল বৃষ্টিপাত। NDRF, SDRF–এ চলাই আছে উদ্ধাৰ অভিযান। বানাক্ৰান্তক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে সেনাৰ হেলিকপ্তাৰ। মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতি নিজে পৰ্যবেক্ষন কৰিছে। বৰ্তমানলৈ ৫ শতাধিক শিবিৰত ৬৬ হাজাৰ বানাক্ৰান্তই আশ্ৰয় লৈছে। প্ৰায় ১৭লাখ লোক বিপৰ্যয়ৰ সন্মুখীন হৈছে। চাৰি দিন ধৰি হোৱা ধাৰাষাৰ বৰষুণত আগৰতলাকে ধৰি ত্ৰিপুৰাৰ বিভিন্ন অঞ্চল বানত বুৰ গৈছে। ৰাজধানী চহৰ আগৰতলাৰো অৱস্থা ভয়াৱহ হৈ পৰিছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে গোমাতী জিলা। বন্ধ ৰখা হৈছে ত্ৰিপুৰাৰ সকলো শিক্ষানুষ্ঠান। বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা মতে আগন্তুক ৪৮ ঘণ্টালৈ বৰষুণ অব্যাহত থাকিব। ত্ৰিপুৰাৰ নদীসমূহ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ত্ৰিপুৰাত হৈ থকা বৰষুণৰ ফলত বাংলাদেশৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। বাংলাদেশে এই পৰিস্থিতিৰ বাবে ভাৰতক জগৰীয়া কৰিছে। কিন্তু এই মূহূৰ্তত পানী ধৰি ৰখাৰ বাবে কোনো বিকল্প ব্যৱস্থা নাই ত্ৰিপুৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...