সাৱধান! প্ৰৱঞ্চকৰ জালত ভৰি নিদিব, ছেকেণ্ডত নোহোৱা হ’ব সাঁচতীয়া সকলো ধন।

আপোনাৰ অলপ অসাৱধানতাই আপোনাৰ বাবে মাতিব পাৰে বিপদ। গ্ৰাহকসকলক সাৱধান কৰিলে ষ্টেট বেংক অৱ ইণ্ডিয়াই। অনলাইন প্ৰবঞ্চকৰ পৰা সাৱধান হোৱাৰ আহ্বান গ্ৰাহকসকলক। পিছে, অনলাইন প্ৰৱঞ্চকৰ পৰা কিদৰে নিৰাপদে ৰাখিব আপোনাৰ তথ্য? যিকোনো উৎসৰ পৰা যিকোনো APP ডাউনলোড নকৰিব। অজ্ঞাত লোকক নিজৰ জন্মৰ তাৰিখ, ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকসেৱাৰ পাছৱৰ্ড নিদিবলৈ আহ্বান। নিজৰ ডেবিট কাৰ্ডৰ পিন, CVV অথবা OTP অচিনাকী ব্যক্তিৰ সৈতে বিনিময় নকৰিব।

সাধাৰণ লোকৰ ওপৰত চকু প্ৰৱঞ্চকৰ। যিকোনো সময়ত SBI, RBI, KYCৰ নাম লৈ আহিব পাৰে ভুৱা ফোনকল। E-MAIL অথবা SMSযোগেও একাংশই প্ৰেৰণ কৰি লিংক। WHATSAPPত অহা যিকোনো লিংকত ক্লিক নকৰিবলৈ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ। এনে অনলাইন প্ৰবঞ্চনাৰ বিৰুদ্ধে SBIক দিব পাৰিব অভিযোগ। গ্ৰাহকে report.phising@sbi.co.inত ই-মেইল কৰি অভিযোগ দিব পাৰিব। অন্যথা চাইবাৰ ক্ৰাইম হেল্পলাইন নম্বৰ 155260ত ফোন কৰি অভিযোগ দিব পাৰিব। 155260ত ২৪ ঘণ্টাৰ ভিতৰত ফোন কৰিলে আৰক্ষীয়ে তত্ক্ষণাত ব্যৱস্থা গ্ৰহণ কৰে। অন্যথা প্ৰৱঞ্চকে মুহূৰ্ততে একাউণ্টৰ পৰা হৰলুকি কৰিব পাৰে জমা ধন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...

আৰু কিমান দিনলৈ ডিটেনছন কেম্পত থাকিব অবৈধ নাগৰিক?

চিনাক্তকৰণ হোৱা বিদেশী নাগৰিকৰ বহিস্কাৰ নকৰা সম্পৰ্কত কেন্দ্ৰ আৰু...

কোনে দখল কৰিব দিল্লীৰ শাসনৰ বাঘজৰী?

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ ৭০খন আসনৰ...

আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু...