গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে শঙ্কৰী সাহিত্যৰ লেখক সমাৰোহ

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগত গুৱাহাটী মহানগৰী জিলা শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত শঙ্কৰী সংস্কৃতি কেন্দ্ৰ, ৰূপনগৰত অনুষ্ঠিত হয় শঙ্কৰী সাহিত্যৰ লেখক সমাৰোহ। দুদিনীয়া কাৰ্যসূচীৰে ৫ আৰু ৬ জুলাই, শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত কৰা হয় শঙ্কৰী সাহিত্যৰ এই সমাৰোহভাগি।

শনিবাৰে পুৱাই নাম প্ৰসঙ্গৰে আৰম্ভ হোৱা সমাৰোহখনিত কেইবাটাও সত্ৰত বহুকেইটা বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। “নন্দনতাত্ত্বিক দৃষ্টিৰে শঙ্কৰী সাহিত্যৰ চৰ্চা” এই বিষয়টিত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড‌০ গজেন্দ্ৰ অধিকাৰী, প্ৰাধ্যাপক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়। এটি “সমাজ বিজ্ঞানৰ তত্ত্বৰ আধাৰত শঙ্কৰী সাহিত্যৰ অধ্যয়ন আৰু লেখন” এই বিষয়টিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড০ মানস প্ৰতীম বৰা, সহযোগী প্ৰাধ্যাপক, বীৰঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়। “শঙ্কৰী সাহিত্যকেন্দ্ৰীক কাকত-আলোচনীৰ সম্পাদনা ৰীতি” এই বিষয়টি আলোচনা হয় সভাৰ চতুৰ্থ সত্ৰত। এই বিষয়টিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মণিকাঞ্চন বাৰ্তালোচনীৰ সম্পাদক মুনীন্দ্ৰ মহন্ত।

প্ৰথম দিনৰ সন্ধিয়া আয়োজিত হোৱা পঞ্চম সত্ৰত আলোচনা কৰা হয় “শঙ্কৰী সাহিত্যৰ মৌলিক বিচাৰ: ঐতিহ্য আৰু দৃষ্টিকোণ” এই বিষয়ৰ ওপৰত। এই বিষয়টিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড০ মৃণাল কুমাৰ বৰুৱা। সন্ধিয়া সভাত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া।

দ্বিতীয়টো দিন অৰ্থাৎ দেওবাৰেও নাম প্ৰসঙ্গৰে দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। দেওবাৰৰ দিনটোতো গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কেইবাটাও বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। “শঙ্কৰী সাহিত্যৰ অধ্যয়ন: ঐতিহ্য আৰু ক্ৰমবিকাশ” এই বিষয়টিৰে আৰম্ভ হয় দ্বিতীয় দিনৰ আলোচনা। এই বিষয়ৰ আলোচনাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ শ্ৰীযুত ভবেন্দ্ৰ নাথ ডেকা। দ্বিতীয় সত্ৰত আলোচিত বিষয় “শঙ্কৰী সাহিত্যৰ অনুবাদ আৰু প্ৰাসঙ্গিক দিশ” এই বিষয়ৰ ওপৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড০ অৰ্চনা বৰুৱা, অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক, আই.আই.টি. গুৱাহাটী। শেষৰটি সত্ৰত আলোচিত বিষয়টি হ’ল ” শঙ্কৰদেৱৰ ৰচনাত অসমৰ জন-জীৱনৰ প্ৰাণ স্পন্দন” । এই বিষয়টিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড০ কনক চন্দ্ৰ চহৰীয়া, প্ৰাধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়।

দুয়োটা দিনৰ সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড০ মৃণাল কুমাৰ বৰুৱাই। অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ-পদাধিকাৰ, যুটীয়া সম্পাদক আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শঙ্কৰী সাহিত্যৰ অধ্যয়নৰ ক্ষেত্ৰত এনে আলোচনাই সমাজখনক আগুৱাই নিয়াত বিশেষ ভূমিকা পালন কৰিব বুলি সভাত মন্তব্য কৰে ৰাজ্যিক শিক্ষা সংসদৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই। উক্ত সমাৰোহ খনিত অংশগ্ৰহণ কৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক সাহিত্য অনুৰাগী ব্যক্তিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...