কুকুৰা পালন কৰাৰ বাবেই এঘৰীয়া হ’ল এজন শিক্ষিত নিবনুৱা

পুনৰ বিতৰ্কৰ আৱৰ্তত উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। এইবাৰ মৰিয়নিত কুকুৰা পালকৰ বিৰুদ্ধে ফটোৱা জাৰি সংঘৰ। কুকুৰা পালন কৰাৰ বাবেই এঘৰীয়া হ’ল এজন শিক্ষিত নিবনুৱা। মৰিয়নিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলেং পিঠাখোৱা প্ৰাথমিক শাখাৰ সম্পাদক পংকজ গগৈৰ বিৰুদ্ধে সংঘৰ চেলেং আঞ্চলিকে জাৰি কৰিছে এই ফটোৱা।

যুৱকজনলৈ সংঘৰ জাননী– কুকুৰা পালন কৰিলে সমাজচ্যুত হ’ব লাগিব। মন কৰিবলগীয়া যে– অন্য কোনো সংস্থাপন নথকা বাবে নিজ গৃহতে কুকুৰা পালন কৰি পৰিয়াল পোহপাল দিয়া যুৱকজনৰ বিৰুদ্ধে সংঘই গ্ৰহণ কৰা স্থিতিত স্তম্ভিত পৰিয়ালটো। বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি সমন্বয়ৰ বাৰ্তা বিলোৱা গুৰুজনাৰ উদাৰতাৰ বিপৰীতে সংঘৰ এনে ধৰ্মান্ধতাই স্বাভাৱিকতে পোহৰলৈ আনিছে এক বিপৰীতমুখী ছবিহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...