কুকুৰা পালন কৰাৰ বাবেই এঘৰীয়া হ’ল এজন শিক্ষিত নিবনুৱা

পুনৰ বিতৰ্কৰ আৱৰ্তত উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। এইবাৰ মৰিয়নিত কুকুৰা পালকৰ বিৰুদ্ধে ফটোৱা জাৰি সংঘৰ। কুকুৰা পালন কৰাৰ বাবেই এঘৰীয়া হ’ল এজন শিক্ষিত নিবনুৱা। মৰিয়নিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলেং পিঠাখোৱা প্ৰাথমিক শাখাৰ সম্পাদক পংকজ গগৈৰ বিৰুদ্ধে সংঘৰ চেলেং আঞ্চলিকে জাৰি কৰিছে এই ফটোৱা।

যুৱকজনলৈ সংঘৰ জাননী– কুকুৰা পালন কৰিলে সমাজচ্যুত হ’ব লাগিব। মন কৰিবলগীয়া যে– অন্য কোনো সংস্থাপন নথকা বাবে নিজ গৃহতে কুকুৰা পালন কৰি পৰিয়াল পোহপাল দিয়া যুৱকজনৰ বিৰুদ্ধে সংঘই গ্ৰহণ কৰা স্থিতিত স্তম্ভিত পৰিয়ালটো। বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি সমন্বয়ৰ বাৰ্তা বিলোৱা গুৰুজনাৰ উদাৰতাৰ বিপৰীতে সংঘৰ এনে ধৰ্মান্ধতাই স্বাভাৱিকতে পোহৰলৈ আনিছে এক বিপৰীতমুখী ছবিহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...