তিনিটাকৈ শক্তিশালী বিস্ফোৰণে কঁপালে কাবুল, থিতাতে নিহত ছজন

তিনিটাকৈ শক্তিশালী বিস্ফোৰণে মঙলবাৰে কঁপাই তোলে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলক। কাবুলৰ পশ্চিম অঞ্চলৰ ডষ্ট-ই-বাৰ্ছি অঞ্চলত অৱস্থিত আব্দুল ৰহিম শ্বহীদ হাইস্কুলত একেলেথাৰিয়ে সংঘটিত হয় তিনিটাকৈ বিস্ফোৰণ। এই ঘটনাত কমেও ৬জন লোক নিহত হোৱাৰ লগতে আহত হয় আন ১৫জনকৈ লোক। আফগান নিৰাপত্তাৰক্ষী আৰু স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে বিদ্যালয় চলি থকা সময়তে সংঘটিত হয় এই বিস্ফোৰণ। বৰ্তমানলৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আত্মঘাতী বোমাৰুৱে এই ঘটনা সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ওচৰেৰে আন এখন বিদ্যালয়তো একে সময়তে সংঘটিত হয় এই প্ৰচণ্ড বিস্ফোৰণ। এজন আত্মঘাতী বোমাৰুৱে বিদ্যালয় চলি থকা সময়তে চৌহদত উপস্থিত হৈ বিস্ফোৰণ ঘটায়। ঘটনাৰ সময়ত বিদ্যালয়ত কমেও এহেজাৰ ছাত্ৰ–ছাত্ৰী উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...