জ্যেষ্ঠ ভাতৃক হত্যাৰ প্ৰতিশোধ লোৱাৰ প্ৰলোভন, লগতে ১ কোটি টকাৰ পুৰস্কাৰ! আলফা(স্বাঃ)ৰ কেম্পত বন্দী সঞ্জীৱ শৰ্মাৰ ভাষ্যৰ সবিশেষ

মই শ্ৰী সঞ্জীৱ শৰ্মা, ঘৰ গুৱাহাটী বাইহাটা চাৰিআলি। মোৰ দাদা এজন আছিলে অপূৰ্ব কুমাৰ শৰ্মা। তেও পাৰা কামাণ্ডো ২ নম্বৰ ৰেংকত কৰ্মৰত আছিল। আজিৰে পৰা প্ৰায় ২-৩ মাহ আগত মণিপুৰৰ এম্বুশ্বত তেখেতক হত্যা কৰা হৈছিল। তেখেতৰ হত্যাৰ বিষয়েও মোক আছাম পুলিচ অফিচাৰ পাৰ্থসাৰথি মহন্তই মোক কৈছিল যে তেখেতৰ হত্যাৰ আঁৰত আলফা(স্বাঃ) জড়িত থকা বুলি জনাইছিল। তাৰ আগত মোক অপূৰ্ব কুমাৰ শৰ্মা দাদা তেখেতে মোক কিছুমান প্ৰশিক্ষণ দিছিল। অকল মোক বুলি নহয়, আমি অসমীয়া যুৱক কেইবাজনো আছিলো। তেওঁলোকৰ ভিতৰত ময়ো আছিলো। পিষ্টল, গুলী কেনেকৈ ভৰাই এইখিনি শিকাইছিলে। গুলী কেনেকৈ মাৰিব লাগে এইখিনি শিকাইছিলে। কেৰাটে, মাৰ্ছিয়েল আৰ্ট, কুংফু, ছেল্যুট কৰা শিকাইছিলে। লেফট-ৰাইট এইবোৰ শিকাইছিলে আৰু এইবোৰ শিকাই মেলি মই আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা কৈছিলে সিহঁতি। পাৰ্থসাৰথি মহন্তই মোক আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা কৈছিলে আৰু মোক আলফা(স্বাঃ)ত যোগদান কৰি ডাঙৰ বন্দুকৰ প্ৰশিক্ষণ লৈ আলফা(স্বাঃ)ত কিছুমান মানে যিবিলাক মানুহ মানে আমাৰ দাদাৰ অপূৰ্ব কুমাৰ শৰ্মাৰ হত্যাৰ আঁৰত কোন আছে সেইবিলাকক হত্যা কৰিবৰ কাৰণে মোক কোৱা হৈছিলে। আৰু কত, কিমান কেম্প আছে সেইবিলাক চাবলে কোৱা হৈছিল।

এইবোৰ চাই মেলি ধুনমণি শইকীয়া, তেখেত যোৰহাটৰ হয় আৰু তেখেতে মোৰ নিচিনা এনেকুৱা অসমীয়া যুৱক প্ৰায় ১০জনমান ২০২৩ত পথাম বুলি কৈছিল। কেইবাজনো আহিব বুলি মোক কৈছিলে। মই আলফা(স্বাঃ)ত যোগদান কৰাৰ আগত এটা পাছৱৰ্ড দিয়া হৈছিল। পাছৱৰ্ডটো আছিল 7896। এইটো পাছৱৰ্ড মোক আলফা(স্বাঃ)ত যোগদান কৰাৰ ৩ দিন আগত মোক ছেল্যুট দিয়াটো শিকাই পঠাইছিল। আৰু এই মিছনটো যদি ছাক্সেছ কৰিব পাৰো আৰু এই বদলা লব পাৰো তেতিয়া মোক ১ কোটি টকা দিম বুলি পাৰ্থসাৰথি মহন্তই কথা দিছিল। আৰু ২০২৩ত সিহঁতে কিবাকিবি বম ব্লাষ্ট ধৰা এই কিবাকিবি কেম্প উৰুৱাৰ চিন্তা বা পৰিকল্পনা কৰা হৈছে আৰু ইয়াত আহি মোক সিহঁতৰ লগত লগ হ’ব কৈছিল আৰু এইবোৰ চোৱা-চিতা কৰিব কোৱা হৈছিল। ক’ত, কিমানটা শিবিৰ আছে ক’ত কি আছে এইবোৰ চাব কৈছিল। এনেকুৱা ধৰণৰ মই আগতে এনেকুৱা মিছন কৰিছিলো। কেৱল মই নহয় অসমীয়া যুৱক ভালেকেইজন আছিল। আমি কেইবাজনো মিলি মিছন কিবাকিবি কমপ্লিট কৰিছিলো। মই আজিৰে পৰা অকমান আগত এটা ড্ৰাগছৰ বেপাৰী ধৰিছিলো, যিটোৰ কাৰণে মোক ১০ হাজাৰ টকা দিছিল। আৰু এটা মিছন কমপ্লিট কৰিছিলো।

সেইটো মিছনত মই মাষ্টৰক ধৰিছিলো। মাষ্টৰজনক ধৰ্ষণকাণ্ডত লিপ্ত আছিল বুলি কোৱা হৈছিল। সেইটোক ধৰিছিলো। সেইটোক ধৰাৰ কাৰণে মোক ২০ হাজাৰ টকা দিছিল। মাষ্টৰজনৰ ঘৰ নলবাৰীত আছিল। তেখেতকো মই ধৰি দিয়াৰ কাৰণে পাৰ্থসাৰথি মহন্তই ২০ হাজাৰ টকা দিছিল আৰু এনেকুৱাকৈ যিবিলাক মিছন সিহঁতে কমপ্লিট কৰিব নোৱাৰে সেইবিলাক মিছন আমি কমপ্লিট কৰিছিলো। মানে আমি গোপনে কমপ্লিট কৰিছিলো। মানে পুলিচ বা আৰ্মীয়ে কমপ্লিট কৰিব নোৱাৰে। সেইবোৰ মিছন আমি গোপনে গোপনে কমপ্লিট কৰিছিলো। অকল মই নহয়, আৰু ভালেইকেইজনো আছিল। আৰু অসমীয়া যুৱক তেনেকুৱাই কৰিছিলো। আমি যিবিলাক মিছন কমপ্লিট কৰো সেইবিলাক মিছন কমপ্লিট কৰিলে সিহঁতে যিবোৰ পইচা পায় তাৰ পৰা আমাক 30%, 20% তেনেকুৱাকৈ আমাক দিছিল। আৰু সেইটো কাৰণে আমি কাম কৰিছিলো সিহঁতৰ লগত। আৰু মোক পাৰ্থসাৰথি মহন্তই এইবিলাক কামৰ কাৰণে মোক আলফা(স্বাধীন)লৈ যোগদান কৰিব পঠাইছে। আৰু মই এইটো উদ্দেশ্য লৈ আলফা (স্বাধীন)লৈ যোগদান কৰিবলৈ আহিছিলো। যদি মই এইটো মিছনত কিবাকৈ কেনেবাকৈ ধৰা খাই যাও তেতিয়া মোক মিছা কথা ক’ব কৈছে। মোক ধুনুমণি শইকীয়াই মিছা কথা কব কৈছিল। সিহঁতে মোক কৈছিলে যে পাৰ্থপ্ৰতিম হাজৰিকা বুলি ক’বলৈ কৈছে। ধুনুমণি শইকীয়াই মোক কৈ পঠিয়াইছিল এইবোৰ মিছা কথা ক’বলৈ।

মই আলফা (স্বাধীন)ত যোগদান কৰাৰ আগত প্ৰায় এসপ্তাহমান আগত পাৰ্থসাৰথি মহন্ত আৰু ধুনুমণি শইকীয়াই তেনেকৈ কেইবাটাও ডাঙৰ ডাঙৰ আৰ্মী অফিচাৰে এখন মিটিং কৰিছিল। সেইখন মিটিঙত ময়ো গৈছিলো যদিও মোক ভিতৰলৈ যাব দিয়া হোৱা নাছিল। সেইখন মিটিঙত কি কথা পাতিছিল সিহঁতে গম পাব। মোক ইমান ভালকৈ কোৱা নাছিল। সেইখন মিটিঙৰ পিছৰ পৰাই আমি এনেকুৱা প্লেনিং কৰি ইয়ালৈ পঠাইছিল। আলফা (স্বাধীন)ত যোগদান কৰিব কৈছিল। সেইখন মিটিং শেষ কৰি মোক ধুনুমণি শইকীয়াই আলফা (স্বাধীন)ত কেনেকৈ যোগদান কৰিব লাগে বা লাগিব সেই বিষয়ে মোক ধুনু শইকীয়াই কৈছিলে। যোগাযোগটো বাৰু ময়ে কৰিছিলো। পইচা পাতি তেখেতে মোক দিছিলে। আৰু প্ৰায় অহালৈকে তেখেতৰ লগত ধুনুমণি শইকীয়াৰ লগত কনটেক্টটো আছিলে। মই অহাৰ প্ৰায় 40%লৈকে ধুনুমণি শইকীয়াৰ লগত কনটেক্ট আছিলে। তেওঁ শ্ৰীনগৰত আৰ্মীত কৰ্মৰত হয়। ঘৰ যোৰহাটত। ধুনুমণি শইকীয়াই তেখেতে এইবোৰ কথা মোক কৈছিল। আৰু তেখেতৰ কথা মতে আলফা (স্বাধীন)ত যোগদান কৰিছিলো। আছাম পুলিচ অফিচাৰ পাৰ্থসাৰথি মহন্ত আৰু ধুনুমণি শইকীয়া আৰ্মী অফিচাৰ সিহঁত দুটাৰ কথা মতেই আলফা (স্বাধীন)ত যোগদান কৰিছিলো। মই পাৰ্থসাৰথি মহন্তক বহুত আগৰেই পৰা চিনি পাও। তেখেতৰ লগত বহুকেইদিন মিছনতো গৈছো। তেখেতৰ লগত মোৰ প্ৰায় ৪ বছৰেই চিনাকি। আৰু ধুনুমণি শইকীয়াৰ লগতটো প্ৰায় একেই বুলি কব লাগিব। আৰু যিটো মোৰ দাদা অপূৰ্ব কুমাৰ বৰ্মা, তেখেতৰ লগত মই সৰুৰে পৰা একেলগে ডাঙৰ হোৱা। তেখেত মোৰ নিজৰ দাদা নহয় যদিও মোৰ নিজৰ দাদাৰ নিচিনাই আছিল। মই সিহঁতৰ কথা মতে আলফা (স্বাধীন)ত যোগদান কৰিছিলো। পাৰ্থসাৰথি মহন্তৰ লগত মই বহু ঠাইলৈ গৈছিলো, বহুত মিছনলৈ গৈছিলো। অকলে অকলে মোক ইমান মিছন কৰিব দিয়া নাছিলে। কেইটামান মিছন কৰিছিলো। কেইটামান মই আগতে কৰিছিলো।

তেওঁ মোৰ নিচিনা আৰু অসমীয়া যুৱকক এনেকুৱা কিছুমান ভিতৰুৱা মিছন দিয়ে। আৰু দি পেলাই কিবাকিবি কমিছন দিয়ে। আৰু কমিছন লৈ লৈ সিঁহতি যিবিলাক সেইবোৰ মিছন কমপ্লিট হ’লে পইচা পায়। তাৰে 20%, 30% দি দিয়ে। এনেকৈ আমাক সিহঁতৰ কামত লগাইছিল। অপূৰ্ব কুমাৰ শৰ্মা, পাৰ্থসাৰথি মহন্তৰ লগত চিনাকি কৰাই দিছিল। আৰু অপূৰ্ব কুমাৰ শৰ্মাই মোক কিছুমান প্ৰশিক্ষণ দিছিল। পিষ্টল কেনেকৈ চলাব লাগে বা গুলী কেনেকৈ ভৰাব লাগে বা গুলী কেনেকৈ মাৰিব লাগে সেই বিলাকৰ বিষয়ে কৈছিলে। আৰু চেল্যুট কেনেকৈ দিয়ে, লেফট ৰাইট, মাৰ্শ্বেল আৰ্ট, কুংফু, কাৰাটে। অকল মই নহয়, মোৰ নিচিনা বহু অসমীয়া যুৱকক প্ৰশিক্ষণ দিয়া হৈছিল। এই ট্ৰেইনিংটো গুৱাহাটীৰ কালাপাহাৰত ব্লেক পেন্থাৰ কেম্পত এইবিলাকৰ বিষয়ে প্ৰশিক্ষণ ল’ব গৈছিলো। আৰু মোক ছৰ্ট গানৰো প্ৰশিক্ষণ দিয়া হৈছিল। ছৰ্ট গানৰ প্ৰশিক্ষণ দিয়া হৈছিল। আৰু ইয়াত মানে আলফা (স্বাধীন)ত যোগদান কৰি যিটো ডাঙৰ বন্দুক হয় সেইটো মোক প্ৰশিক্ষণ ল’বলৈ আলফা (স্বাধীন)ত কোৱা হৈছিল। আলফা (স্বাধীন)ত এই প্ৰশিক্ষণটো লৈ মোৰ বদলা ল’বলৈ ধুনুমণি শইকীয়াই আদেশ দিছিল আৰু কৈছিল যে এইটো যদি বদলা মই ল’ব পাৰো তেতিয়াহ’লে মোক আছাম পুলিচ অফিচাৰ পাৰ্থসাৰথি মহন্ত আৰু আৰ্মী অফিচাৰ ধুনুমণি শইকীয়াই সিহঁত দুটাই মোক ১ কোটি টকা দিম বুলি কৈছিল। আৰু সেই কাৰণে মই মোৰ বদলাৰ কাৰণে আলফা (স্বাধীন)ত যোগদান কৰিব আহিছো।

আৰু এটা কথা কোৱা হৈছিল যে আৰু যদি মই কেনেবাকৈ ধৰা খাও বা ধৰা পৰি যাও যিটো পাছৱৰ্ড কোৱা হৈছিল 7896, এইটো পাছৱৰ্ড ক’লে মোক পুলিচ হওক বা আৰ্মী হওক এতিয়া বুলি নহয় ১০ বছৰ পিছত ধৰা পৰিলেও এই কোড নাম্বাৰটো কও মোক ৰেহা কৰি দিব এৰি দিব। আৰু মোক ধুনুমণি শইকীয়াই এটা কথা কৈছিল যে যদি মই কেনেবাকৈ ধৰা খাও তেতিয়া মোক আলফা (স্বাধীন)ৰ মানুহে মোক প্ৰশ্ন কৰিব কথা চেঞ্জ কৰিব কৈছিলে। ভাত খাই আছো আছো আছো থাকি থাকি চাহ খাই আছো এনেকৈ কথা চেঞ্জ কৰিবলৈ কৈছিল। মানে মোক এনেকুৱাকৈ কিছুমান কথা চেঞ্জ কৰিবলৈ কৈ পঠাইছিলে ধুনুমণি শইকীয়াই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ফেব্ৰুৱাৰীত ফ্ৰান্সলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আগন্তুক ফেব্ৰুৱাৰী মাহত ফ্রান্স ভ্ৰমণলৈ যাব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ...

অবিবাহিত লোকৰ এখন গাঁও; ৫০বছৰ পূৰ্বে হৈছিল অন্তিমখন বিয়া

বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়।...

আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে...

৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ'ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন...