২৮ এপ্ৰিলত ডিব্ৰুগড় আৰু কাৰ্বি আংলঙত স্থানীয় বন্ধ ঘোষণা

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাবে ২৮ এপ্ৰিল তাৰিখে ডিব্ৰুগড় আৰু কাৰ্বি আংলঙ জিলা দুখনত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। সেইদিনা দুয়োখন জিলাতে সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় ভ্ৰমণ কৰিব আৰু ৭খনকৈ নতুন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ উদ্ধোধন কৰিব। লগতে তেওঁ আন ৭খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব।

একেদিনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিফু ভ্ৰমণ কৰিব। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ পূৰ্বে স্থানসমূহ পৰিদৰ্শন কৰে আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি পানী নিষ্কাষণৰ প্ৰতি বিশেষ মনোযোগ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰীয় অকাডেমি বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা যুৱ চিত্ৰশিল্পী ভাস্কৰ জ্যোতি গগৈ কোন?

ভাস্কৰ জ্যোতি গগৈ অসমৰ শিৱসাগৰ জিলাৰ গেলেকীত জন্মগ্ৰহণ কৰা...

কেৱল ভাৰতকেই নহয়, ৰাছিয়াকো ‘শাস্তি’ দিয়াৰ পৰিকল্পনা কৰিছে ট্ৰাম্পে!

ৰাছিয়াৰ সৈতে তেলৰ বাণিজ্য চলাই যোৱাৰ বাবে ভাৰতৰ ওপৰত...

পাকিস্তানৰ আলীক দ্বিতীয় সৰ্বোচ্চ সন্মান প্ৰদান কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে

টেলিভিছনৰ আগমনৰ পিছৰে পৰা ফ্ৰান্সত সংবাদপত্ৰৰ বিক্ৰী যথেষ্ট কমি...