গুৱাহাটী, ২৪ জুন, NKTV:সন্ধান ওলাল শোহম শ্ব’পিৰ স্বাত্বাধিকাৰীৰ। মঙলবাৰৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল সন্দীপ জালান।
মঙলবাৰে সন্ধিয়া ঘৰৰ পৰা সান্ধ্য ভ্ৰমণলৈ বুলি ওলাই যোৱাৰ পিছতেই সন্ধানহীন হৈ পৰিছিল স্বাত্বাধিকাৰীজন। সন্ধানহীন হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে তেওঁক গুৱাহাটীৰ পল্টন বজাৰত দেখা গৈছিল। পল্টন বজাৰস্থিত গল্ড চিনেমাৰ সমীপত এখন বাহনে তেওঁক নমাই দিয়া প্ৰত্যক্ষ কৰিছিল একাধিক ব্যক্তিয়ে।
জানিব পৰা মতে,বাৰাণসী চহৰৰ এটা মন্দিৰত তেওঁৰ সন্ধান পোৱা গৈছে।
অধিক তথ্যৰ পিছত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহিব।