সমলিংগ সম্পৰ্কক স্বীকৃতি, কিন্তু বিবাহত অনুমতি নিদিলে SCয়ে

দেশৰ LGBTQ সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে সমলিংগৰ বিবাহক আইনী স্বীকৃতি দিয়াবলৈ। এই সন্দৰ্ভত দেশৰ কেইবাখনো উচ্চ ন্যায়ালয়ত চলি আছে গোচৰ। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি সমলিংগৰ বিবাহৰ আইনী স্বীকৃতি দিবলৈ অস্বীকাৰ কৰে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক এখন আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায়।

সমলিংগ সম্পৰ্কক স্বীকৃতি, কিন্তু বিবাহত অনুমতি নিদিলে SCয়ে
ন্যায়ালয়ৰ মতে এনে বিবাহক স্বীকৃতি দিবলৈ এখন আইনৰ প্ৰয়োজন
এই ক্ষেত্ৰত কেন্দ্ৰক সিদ্ধান্ত ল’বলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ
বিবাহ নহ’লেও ‘লিভ ইন’ সম্পৰ্কত অনুমতি ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠৰ এই ৰায়

সমলিংগৰ বিবাহৰ আইনী স্বীকৃতিক লৈ বিগত সময়ছোৱাত দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত চলি আছিল বহু গোচৰ। এই গোচৰবোৰ একত্ৰ কৰি উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিলে এক গুৰুত্বপূৰ্ণ ৰায়। সমলিংগ বিবাহক আইনী মান্যতা দিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰে। ন্যায়ালয়ৰ মতে– এইক্ষেত্ৰত আইন নথকাৰ বাবে এনে বিবাহক মান্যতা দিয়াত অসুবিধা আছে। সেয়ে উচ্চতম ন্যায়ালয়ে ১০ দিনৰ শুনানিৰ অন্তত চৰকাৰক এখন আইন প্ৰণয়নৰ বাবে পৰামৰ্শ দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ মতে সমলিংগ সম্পৰ্কৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰই এখন কমিটী গঠনৰ প্ৰয়োজনীয়তা আছে। সেই আইনৰ জৰিয়তেহে LGBTQ সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত হ’ব।

সমকামী বা LGBTQ সম্প্ৰদায়ক হাৰাশাস্তি বন্ধ কৰাৰ আহ্বান ন্যায়ালয়ৰ

তেওঁলোকৰ যৌন পৰিচয় লৈ হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে

এই সন্দৰ্ভত ৫জনীয়া বিচাৰপীঠে ১০ দিন ধৰি শুনানি গ্ৰহণ কৰিছিল। ৰায়ৰ কালত উচ্চতম ন্যায়ালয়ে সমলিংগৰ বিয়াৰ অধিকাৰত স্বীকৃতি দিবলৈ সাংবিধানিক মান্যতাৰ প্ৰয়োজন আছে। সমলিংগ বিবাহৰ সপক্ষত দুজন বিচাৰপতি মত প্ৰকাশ কৰাৰ বিপৰীতে আন তিনিগৰাকী ন্যায়াধীশে এনে বিবাহৰ বিৰোধিতা কৰে। নৰেন্দ্ৰ মোদী চৰকাৰৰ উপৰিও ৭খন ৰাজ্য চৰকাৰৰ পৰাও মতামত বিচাৰিছিল উচ্চতম ন্যায়ালয়ে।

এনে বিবাহৰ আইনী স্বীকৃতিৰ কেন্দ্ৰই কৰিছিল বিৰোধিতা
অসম চৰকাৰেও কৰিছিল সমলিংগ বিবাহৰ বিৰোধিতা

অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান চৰকাৰেও কৰিছিল ইয়াৰ বিৰোধিতা

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি LGBTQ সম্প্ৰদায়ৰ অন্যতম প্ৰবক্তা মিলিন দত্তই এইদৰে কয়। সমকামী বিবাহক মান্যতা দিয়াক লৈ উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায় এক পদক্ষেপ হিচাপে চিহ্নিত হৈছে। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...