বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে সজল কুমাৰ সিংহ-ছাইখং বসুমতাৰীৰ শপত গ্ৰহণ

আজি পাৰিষদ সজল কুমাৰ সিংহ আৰু ছাইখং বসুমতাৰীয়ে বিটিচি কার্যবাহী পৰিষদৰ কাৰ্যবাহী সদস্য (ইএম) হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে।

শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ পাৰিষদ সজল কুমাৰ সিংহ আৰু চিৰাংৰ ইউপিপিএলৰ পাৰিষদ ছাইখং বসুমতাৰীৰ শপত গ্ৰহণ অনুষ্ঠান কোকৰাঝাৰৰ বোডোফা নৱগৱাৰৰ বিটিচি বিধান সভা গৃহত অনুষ্ঠিত কৰা হয়।

বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপে পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰায়।

অনুষ্ঠানটোত বিটিচিৰ মুখ্য কার্যবাহী প্ৰমোদ বড়ো, বিটিচিএলএ অধ্যক্ষ কাটি ৰাম বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, ইএম আৰু আন গণ্যমান্য ব্যক্তিউপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...