আহত অৱস্থাতো ছেইফ আলী খানে কোঠাত আবদ্ধ কৰি ৰাখিছিল আক্ৰমণকাৰীক

ডকাইতিৰ উদ্দেশ্যে অভিনেতা ছেইফ আলী খানৰ বাসভৱনত প্রৱেশ কৰি অভিনেতাগৰাকীক আক্রমণ চলোৱা বাংলাদেশী নাগৰিক শ্বৰিফুল ইছলাম শ্বেহজাদক আহত অৱস্থাত এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল অভিনেতাগৰাকীয়ে। আৰক্ষীয়ে সদৰী কৰা মতে পাছত এই আক্রমণকাৰীজনে এয়ান কণ্ডিচনাৰৰ পাইপৰ সহায়ত পলায়ন কৰিবলৈ সক্ষম হয়। আক্রমণকাৰী শ্বৰিফুলে প্রথমে হাওৰালৈ গৈ বাংলাদেশলৈ পলায়নৰ কথা ভাবিছিল যদিও ট্রেভেল এজেন্টে এনেদৰে পলায়নৰ সুবিধা কৰি দিবলৈ অধিক ধন বিচৰাত আক্রমণকাৰীজনে থানেত আত্মগোপন কৰে। আৰক্ষীয়ে থানেৰ পৰা গ্রেপ্তাৰ কৰা এই বাংলাদেশী লোকজনক সুবিধা কৰি দিয়া ট্রেভেল এজেন্টৰ সন্ধানত অভিযান আৰম্ভ কৰি দিছে। হাইপ্রফাইল এই গোচৰৰ অনুসন্ধানত জড়িত আৰক্ষীয়ে আক্রমণকাৰীজনে যোগাযোগ কৰা সকলো ট্রেভেল এজেন্টৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰাৰ কথা সদৰী কৰে। উল্লেখ্য যে, অভিনেতাগৰাকীক বাংলাদেশী লোকজনে ছবাৰকৈ ছুৰীৰে আঘাত কৰাৰ পাছত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল আৰু মঙলবাৰে তেওঁ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহে। ইফালে মুম্বাই আৰক্ষীয়ে মঙলবাৰে পুৱাৰ ভাগত উক্ত আক্ৰমণৰ ঘটনাৰ পুনৰ দৃশ্যায়ন কৰে। শ্বৰীফুলে অভিনেতাগৰাকীৰ বাদ্ৰাৰ বাসভবনত আক্রমণৰ দৃশ্যৰ পুনৰাবৃত্তিত অংশ লোৱাৰ সময়ত আৰক্ষীয়ে আক্রমণকাৰীজনে দেৱাল বগাই অভিনেতাগৰাকীৰ ঘৰত প্ৰৱেশ কৰাৰ তথ্য সদৰী কৰে। সেই সময়ত বাসভৱনৰ নিৰাপত্তাৰক্ষী টোপনিত আছিল।

শ্বৰীফুলে ঘৰৰ পিছফালৰ চিৰিৰে উঠি এয়াৰ কণ্ডিচনাৰৰ পাইপৰ সহায়ত অভিনেতাগৰাকীৰ বাথৰুমৰ খিৰিকীৰে তেওঁৰ ঘৰত প্রৱেশ কৰিছিল। শ্বৰীফুলে আৰক্ষীক জনোৱা মতে তেওঁ ডকাইতিৰ উদ্দেশ্যে প্রৱেশ কৰাৰ সময়ত জোতা খুলি লোৱাৰ লগতে ফোন বন্ধ কৰি ৰাখিছিল। অভিনেতাগৰাকীক আক্রমণ কৰাৰ পাছত তেওঁক আহত অৱস্থাত থকা খানে এটা কোঠাত আবদ্ধ কৰি ৰাখে যদিও শ্বৰিফুলে পুনৰ এয়াৰকণ্ডিচনাৰৰ পাইপৰ জৰিয়তে পলাবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যোগ অলিম্পিয়াড, ৩২গৰাকী প্ৰতিযোগীৰ মাজত মহাৰণ

ডায়েট ধেমাজিত বৃহস্পতিবাৰে জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড অনুষ্ঠিত হয়।...

‘অপাৰেচন সিন্দূৰ’ৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন বিশ্বস্ত বিষয়া…

অপাৰেচন সিন্দূৰৰ সফলতাৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ...

১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে ‘অপাৰেচন সিন্দূৰ’ত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকত জনায় যে,...

১৯৭১ৰ ভাৰত-পাক যুদ্ধ আৰু ইজৰাইল-ভাৰতৰ বন্ধুত্ব

বুধবাৰে ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয়ৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’...