মঞ্জু বৰা, লিনা শৰ্মা, কাবেৰী শৰ্মা, শান্তি দলেলৈ সদিচ্ছা বঁটা; জবা দাসলৈ সদিচ্ছা সাংবাদিক সন্মান, ২০২৩

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে গুৱাহাটীৰ চান্দমাৰি কলনীস্থিত পেঞ্চনাৰ ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪ গৰাকী বিদূষী মহিলাক “সদিচ্ছা বঁটা ২০২৩” প্ৰদান কৰা হয় । উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংগঠন সদিচ্ছাই বিগত তিনিবছৰ ধৰি প্ৰতিবছৰে বিভিন্ন ক্ষেত্ৰৰ নাৰীলৈ বঁটা প্ৰদান কৰি আহিছে। আজি অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি ড: সূৰ্য হাজৰিকা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বিশিষ্ট শিল্পী মনীষা হাজৰিকা, জ্যেষ্ঠ সাংবাদিক , সদিচ্ছাৰ মুখ্য উপদেষ্টা প্ৰণয় বৰদলৈ আৰু অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া, সদিচ্ছাৰ উপদেষ্টা গায়ত্ৰী বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।

এইবছৰৰ অৰুণা বৰুৱা সোঁৱৰণি সদিচ্ছা সমাজসেৱা বঁটা দেহ ব্যৱসায়ত লিপ্ত প্ৰায় ৩,০০০ মহিলাক সংস্থাপনৰ দিহা কৰা গল্ড স্বেচ্ছাসেৱী সংগঠনৰ কাৱেৰী শৰ্মাক প্ৰদান কৰা হয়।

ইফালে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাক প্ৰদান কৰা হয় আৰাধনা বৰুৱা সোঁৱৰণি সদিচ্ছা সাংস্কৃতিক বঁটা ২০২৩।

মিনতি বৰুৱা সোঁৱৰণি সদিচ্ছা সাহিত্য বঁটা ২০২৩ লাভ কৰে বিশিষ্ট সাহিত্যিক লীনা শৰ্মাই ।

সদিচ্ছা উদ্যোগী বঁটা ২০২৩ বঁটা ‘এলফ্ৰেস্ক’ গ্ৰেণ্ড’ জাহাজত নৌকা বিহাৰৰে অসমত নৌকা পৰ্যটনত অগ্ৰণী ভূমিকা লোৱা শান্তি দলেক প্ৰদান কৰা হয়। বঁটা প্ৰাপকসকলক ফুলাম গামোচা, অংগ বস্ত্ৰ, ফুলৰ কলি, স্মাৰক ট্ৰফীৰ লগতে ১০,০০০ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে উদীয়মান সাংবাদিক জবা দাসক দিয়া হয় সদিচ্ছা সাংবাদিক সন্মান, ২০২৩।

‘সদিচ্ছা’ৰ সভাপতি মনালিছা বৰুৱাই আদৰণি ভাষণ আগবঢ়াই সদিচ্ছাৰ যাত্ৰাপথত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায়। ভাষণ প্ৰসংগত সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাই ‘সদিচ্ছা’ৰ প্ৰয়াসৰ শলাগ লয়।

NKTV Digital
Author: NKTV Digital

305 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...