আমেৰিকাই ভাৰতীয় সামগ্ৰী ক্ৰয় নকৰিলে ৰাছিয়াই খুলি দিব দুৱাৰ; শীঘ্ৰেই ভাৰতলৈ আহিব পুটিন

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শুল্কযুদ্ধ আৰু কূটনৈতিক সংঘাতৰ মাজত ৰাছিয়াই ভাৰতৰ পক্ষত থিয় দি ঘোষণা কৰিছে যে, ভাৰতীয় পণ্যৰ বাবে তেওঁলোকৰ বজাৰৰ দুৱাৰ সদায় মুকলি থাকিব। ৰাছিয়াই এইটোও স্পষ্ট কৰিছে যে, তেওঁলোক ভাৰতৰ ওচৰত তেল বিক্ৰী অব্যাহত ৰাখিব, কিয়নো নতুন দিল্লী মস্কোৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই প্ৰেক্ষাপটত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বছৰৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ৰ বাবে অসন্তুষ্ট হৈ ভাৰতীয় পণ্যৰ ওপৰত উচ্চ হাৰত শুল্ক আৰোপ কৰিছে। তেওঁৰ অভিযোগ, ভাৰতৰ সৈতে ৰাছিয়াৰ বাণিজ্যৰ লাভ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ হৈছে। এই সিদ্ধান্তৰ বিৰুদ্ধে ভাৰতে প্ৰথমৰ পৰাই বিৰোধিতা কৰি আহিছে আৰু ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে এই বিষয়ে বিবৃতি প্ৰকাশ কৰিছে। এই কূটনৈতিক উত্তেজনাৰ মাজত ৰাছিয়াই ভাৰতৰ পক্ষ লৈ তেওঁলোকৰ সমৰ্থনৰ কথা পুনৰবাৰ স্পষ্ট কৰিছে।

ভাৰতত অৱস্থিত ৰাছিয়াৰ দূতাবাসৰ এগৰাকী বিষয়াই জনাইছে যে, ৰাষ্ট্ৰপতি পুটিনে এই বছৰৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব আৰু নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক কৰিব। যদিও ভ্ৰমণৰ নিৰ্দিষ্ট তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই, ৰাছিয়াই জনাইছে যে, ভাৰতৰ সৈতে তেওঁলোকৰ দ্বি-পাক্ষিক বাণিজ্য প্ৰতি বছৰে ১০ শতাংশ হাৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ৰাছিয়াৰ দূতাবাসে এইটোও উল্লেখ কৰিছে যে, নতুন দিল্লী তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ।

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ভিতৰত ভাৰত আৰু চীন প্ৰথম শাৰীত আছে। এই পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ দূতাবাসে নতুন দিল্লীৰ লগতে বেইজিঙৰ উদ্দেশ্যেও বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁলোকে জনাইছে যে, অতি সোনকালে ভাৰত, চীন আৰু ৰাছিয়াৰ মাজত এখন ত্ৰি-পাক্ষিক বৈঠক অনুষ্ঠিত হ’ব পাৰে। ৰাছিয়াৰ মতে, আঞ্চলিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মস্কো, দিল্লী আৰু বেইজিঙৰ মাজত পাৰস্পৰিক সহযোগিতা অতি গুৰুত্বপূৰ্ণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...