মোহন ভাগৱতৰ পিছত RSS নেতা ইন্দ্ৰেশ কুমাৰৰ বিজেপিক আক্ৰমণ

‘ৰামক লৈ কৰা অহংকাৰৰ ফল ভুগিছে বিজেপিয়ে’
মোহন ভাগৱতৰ পিছত RSS নেতা ইন্দ্ৰেশ কুমাৰৰ বিজেপিক আক্ৰমণ
‘অহংকাৰৰ বাবে ২৪০ তে বিজেপিক ৰখালে ৰামে’

৩ দিন পূৰ্বে RSS প্ৰধান মোহন ভাগৱতে সমালোচনাৰে থকা সৰকা কৰিছিল প্ৰধানমন্ত্ৰীক। ইয়াৰ পিছত এইবাৰ RSSৰ আন এজন শীৰ্ষ নেতাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিলে। RSS নেতা ইন্দ্ৰেশ কুমাৰে বিজেপিক উদ্দেশ্যি মন্তব্য কৰিলে

ৰামভক্তৰ অহংকাৰ বেছি হ’ল
অহংকাৰৰ বাবেই বিজেপি ২৪০ ৰ’ল
ৰামৰ বিৰোধিতা কৰাসকলেও নাপালে ক্ষমতা

ৰামক লৈ কৰা অহংকাৰ আৰু ৰাম বিৰোধী কাকোকেই ৰামে সহ্য নকৰিলে। পিছে বিজেপিক লৈ ইন্দ্ৰেশ কুমাৰে কৰা মন্তব্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কংগ্ৰেছে RSS নেতা ইন্দ্ৰেশ কুমাৰৰ মন্তব্যৰ সন্দৰ্ভত কয়–
‘RSSৰ কথা প্ৰথমে মোদীয়ে শুনক’
‘নিৰ্বাচনৰ পূৰ্বে এনে কথা কব লাগিছিল’

বিৰোধীৰ প্ৰতিক্ৰিয়া যিয়ে নহওক এজনৰ পিছত আন এজন RSS নেতাই মোদী আৰু বিজেপিক আক্ৰমণ কৰাক লৈ অস্বস্তিত পৰিছে শাসকীয় দলটো। চৰ্চা হৈছে সচাকৈ বিজেপিয়ে অহংকাৰৰ বাবেই একক ভাৱে লাভ কৰিব নোৱাৰিলে নেকি সংখ্যা গৰিষ্ঠতা। ৩ দিন পূৰ্বে RSS প্ৰধান মোহন ভাগৱতে মোদীক উদ্দেশ্যি মন্তব্য কৰিছিল

‘যি অহংকাৰী তেওঁ সেৱক নহয়’
‘সেইজনেই সেৱক যিজনে মৰ্যাদাৰে কাম কৰে আৰু নিজৰ বুলি দাবী নকৰে’
‘নিৰ্বাচনত মৰ্যাদা ৰক্ষা কৰা নহ’ল’

এইবাৰ মুকলি কৈয়ে ভাগৱতৰ সুৰতে মন্তব্য কৰিলে ইন্দ্ৰেশ কুমাৰে। জয়পুৰত ‘ৰামৰথ অযোধ্যা যাত্ৰা দৰ্শন পূজন সমাৰোহ’ত অংশ লৈ RSS নেতাজনে ঘটালে বিস্ফোৰণ। মোহন ভাগৱত আৰু ইন্দ্ৰেশ কুমাৰৰ মন্তব্যই স্পষ্ট কৰিলে বিজেপিৰ বৰ্তমানৰ স্থিতিক লৈ সন্তুষ্ট নহয় RSS.

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...