মোহন ভাগৱতৰ পিছত RSS নেতা ইন্দ্ৰেশ কুমাৰৰ বিজেপিক আক্ৰমণ

‘ৰামক লৈ কৰা অহংকাৰৰ ফল ভুগিছে বিজেপিয়ে’
মোহন ভাগৱতৰ পিছত RSS নেতা ইন্দ্ৰেশ কুমাৰৰ বিজেপিক আক্ৰমণ
‘অহংকাৰৰ বাবে ২৪০ তে বিজেপিক ৰখালে ৰামে’

৩ দিন পূৰ্বে RSS প্ৰধান মোহন ভাগৱতে সমালোচনাৰে থকা সৰকা কৰিছিল প্ৰধানমন্ত্ৰীক। ইয়াৰ পিছত এইবাৰ RSSৰ আন এজন শীৰ্ষ নেতাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিলে। RSS নেতা ইন্দ্ৰেশ কুমাৰে বিজেপিক উদ্দেশ্যি মন্তব্য কৰিলে

ৰামভক্তৰ অহংকাৰ বেছি হ’ল
অহংকাৰৰ বাবেই বিজেপি ২৪০ ৰ’ল
ৰামৰ বিৰোধিতা কৰাসকলেও নাপালে ক্ষমতা

ৰামক লৈ কৰা অহংকাৰ আৰু ৰাম বিৰোধী কাকোকেই ৰামে সহ্য নকৰিলে। পিছে বিজেপিক লৈ ইন্দ্ৰেশ কুমাৰে কৰা মন্তব্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কংগ্ৰেছে RSS নেতা ইন্দ্ৰেশ কুমাৰৰ মন্তব্যৰ সন্দৰ্ভত কয়–
‘RSSৰ কথা প্ৰথমে মোদীয়ে শুনক’
‘নিৰ্বাচনৰ পূৰ্বে এনে কথা কব লাগিছিল’

বিৰোধীৰ প্ৰতিক্ৰিয়া যিয়ে নহওক এজনৰ পিছত আন এজন RSS নেতাই মোদী আৰু বিজেপিক আক্ৰমণ কৰাক লৈ অস্বস্তিত পৰিছে শাসকীয় দলটো। চৰ্চা হৈছে সচাকৈ বিজেপিয়ে অহংকাৰৰ বাবেই একক ভাৱে লাভ কৰিব নোৱাৰিলে নেকি সংখ্যা গৰিষ্ঠতা। ৩ দিন পূৰ্বে RSS প্ৰধান মোহন ভাগৱতে মোদীক উদ্দেশ্যি মন্তব্য কৰিছিল

‘যি অহংকাৰী তেওঁ সেৱক নহয়’
‘সেইজনেই সেৱক যিজনে মৰ্যাদাৰে কাম কৰে আৰু নিজৰ বুলি দাবী নকৰে’
‘নিৰ্বাচনত মৰ্যাদা ৰক্ষা কৰা নহ’ল’

এইবাৰ মুকলি কৈয়ে ভাগৱতৰ সুৰতে মন্তব্য কৰিলে ইন্দ্ৰেশ কুমাৰে। জয়পুৰত ‘ৰামৰথ অযোধ্যা যাত্ৰা দৰ্শন পূজন সমাৰোহ’ত অংশ লৈ RSS নেতাজনে ঘটালে বিস্ফোৰণ। মোহন ভাগৱত আৰু ইন্দ্ৰেশ কুমাৰৰ মন্তব্যই স্পষ্ট কৰিলে বিজেপিৰ বৰ্তমানৰ স্থিতিক লৈ সন্তুষ্ট নহয় RSS.

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...