অৱশেষত ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ মুখ দেখিলে ৰাজস্থানে

অৱশেষত ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ মুখ দেখিলে ৰাজস্থানে। বৰ্ষাপাৰাত ৰোমাঞ্চকৰ মেচত ৬ ৰানত পৰাস্ত CSK। প্ৰথমে বেট ধৰি ৯ উইকেটত ১৮২ ৰান সংগ্ৰহ ৰাজস্থানৰ। ৰাজস্থানৰ হৈ ৩৬টা বলত বিস্ফোৰক ৮১ ৰান নীতিশ ৰানাৰ। অধিনায়ক ৰিয়ান পৰাগে ২৮টা বলত সংগ্ৰহ কৰে ৩৭ ৰান। প্ৰত্যুত্তৰত ২০ অভাৰত ৬ উইকেটত ১৭৬ ৰানহে সংগ্ৰহ CSKৰ। খেলখনত বেটিং আৰু ফিল্ডিঙত উজলিল অধিনায়ক ৰিয়ান। শিৱম ডুবেৰ চমৎকাৰ কেচ ধৰি ক্ৰিকেটপ্ৰেমীৰ মন মুহিলে ৰিয়ানে। শিৱম ডুবেৰ কেচটোক ক্ৰিকেট বিশেষজ্ঞই ক’‍‍ব বিচাৰে টাৰ্নিং পইণ্ট। বৰ্ষাপাৰা ষ্টেডিয়াম দেওবাৰে ভৰি পৰিছিল ‘য়েল্ল’ আৰ্মি’ৰে। ধোনিৰ অসংখ্য অনুৰাগীৰ সমাৱেশ ঘটিছিল ষ্টেডিয়ামত। ইয়াৰ মাজতে ৰাজস্থানৰ খেলে মুগ্ধ কৰিলে সকলোকে।অৱশ্যে আশা কৰা ধৰণেৰে প্ৰদৰ্শন কৰাত ব্যৰ্থ হ’ল ধোনী।১১টা বলত ১৬ ৰান কৰি পেভেলিয়নমুখী হয় SMD। ৰিয়ান পৰাগৰ নেতৃত্বকো উচ্চপ্ৰশংসা বহু ক্ৰিকেট বিশেষজ্ঞৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...