অৱশেষত ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ মুখ দেখিলে ৰাজস্থানে

অৱশেষত ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ মুখ দেখিলে ৰাজস্থানে। বৰ্ষাপাৰাত ৰোমাঞ্চকৰ মেচত ৬ ৰানত পৰাস্ত CSK। প্ৰথমে বেট ধৰি ৯ উইকেটত ১৮২ ৰান সংগ্ৰহ ৰাজস্থানৰ। ৰাজস্থানৰ হৈ ৩৬টা বলত বিস্ফোৰক ৮১ ৰান নীতিশ ৰানাৰ। অধিনায়ক ৰিয়ান পৰাগে ২৮টা বলত সংগ্ৰহ কৰে ৩৭ ৰান। প্ৰত্যুত্তৰত ২০ অভাৰত ৬ উইকেটত ১৭৬ ৰানহে সংগ্ৰহ CSKৰ। খেলখনত বেটিং আৰু ফিল্ডিঙত উজলিল অধিনায়ক ৰিয়ান। শিৱম ডুবেৰ চমৎকাৰ কেচ ধৰি ক্ৰিকেটপ্ৰেমীৰ মন মুহিলে ৰিয়ানে। শিৱম ডুবেৰ কেচটোক ক্ৰিকেট বিশেষজ্ঞই ক’‍‍ব বিচাৰে টাৰ্নিং পইণ্ট। বৰ্ষাপাৰা ষ্টেডিয়াম দেওবাৰে ভৰি পৰিছিল ‘য়েল্ল’ আৰ্মি’ৰে। ধোনিৰ অসংখ্য অনুৰাগীৰ সমাৱেশ ঘটিছিল ষ্টেডিয়ামত। ইয়াৰ মাজতে ৰাজস্থানৰ খেলে মুগ্ধ কৰিলে সকলোকে।অৱশ্যে আশা কৰা ধৰণেৰে প্ৰদৰ্শন কৰাত ব্যৰ্থ হ’ল ধোনী।১১টা বলত ১৬ ৰান কৰি পেভেলিয়নমুখী হয় SMD। ৰিয়ান পৰাগৰ নেতৃত্বকো উচ্চপ্ৰশংসা বহু ক্ৰিকেট বিশেষজ্ঞৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...