ইংলেণ্ডৰ বিৰুদ্ধে ১৯ জুলাইত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া তৃতীয় তথা অন্তিম একদিনীয়া মেচখন ভাৰতৰ জ্যেষ্ঠ বেটছমেন ৰোহিত শৰ্মাৰ ভাৰতীয় দলৰ হৈ শেষ একদিনীয়া মেচ হ’ব পাৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) জ্যেষ্ঠ নিৰ্বাচন সমিতিয়ে ইংলেণ্ড ছিৰিজৰ পিছত ভাৰতীয় দলত ৰোহিতক লৈ আৰু আগবাঢ়িব নোখোজাৰ সিদ্ধান্ত লোৱা বুলি একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
জানিব পৰা মতে, যোৱা সপ্তাহত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ উপস্থিতিত নিৰ্বাচন সমিতিয়ে ৰোহিত শৰ্মাৰ সৈতে এই বিষয়ত আলোচনা কৰে। সমিতিৰ মত হৈছে, যশস্বী জয়ছৱালৰ দৰে যুৱ খেলুৱৈসকলক অধিক সুযোগ দিয়াৰ সময় আহি পৰিছে। একে সময়তে, ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পৰিকল্পনাত ৰোহিত শৰ্মাৰ কোনো ভূমিকা নাথাকিব বুলিও তেওঁক স্পষ্টকৈ জনোৱা হৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, নিৰ্বাচকসকলে ৰোহিতক স্পষ্টকৈ জনাইছে যে ইংলেণ্ড ছিৰিজৰ পিছত তেওঁলোকৰ পৰিকল্পনাত তেওঁ নাই। অৱশ্যে ভাৰতৰ হৈ খেলি যোৱাৰ ইচ্ছা ৰোহিতে প্ৰকাশ কৰিছিল। বিশেষকৈ শাৰীৰিক Fitness উন্নত কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰাৰ পিছত তেওঁ আৰু কিছুদিন খেলিবলৈ আগ্ৰহী আছিল। এতিয়া চূড়ান্ত সিদ্ধান্ত ৰোহিতৰ ওপৰতে এৰি দিয়া হৈছে বুলি জানিব পৰা হৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অনুসৰি, ইংলেণ্ড ছিৰিজ চলি থকাৰ সময়ত ৰোহিতে BCCI-ৰ কেইবাজনো বিষয়ববীয়াৰ সৈতেও এই বিষয়ত আলোচনা কৰে। কিন্তু নিৰ্বাচকসকলৰ সিদ্ধান্তত তেওঁ সন্তুষ্ট নাছিল বুলিও জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ২০২৪ চনৰ ২৯ জুনত ভাৰতক টি-২০ বিশ্বকাপ জয় কৰোৱাৰ কেইঘণ্টামানৰ পিছতেই ৰোহিতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। তাৰ পিছত ২০২৫ চনৰ ৭ মে’ত ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ইনষ্টাগ্ৰামৰ জৰিয়তে টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।
ইয়াৰ পূৰ্বেই নিৰ্বাচন সমিতিয়ে এদিনীয়া দলৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাক অপসাৰণ কৰি শুভমন গিলক দায়িত্ব অৰ্পণ কৰিছিল। দল পৰিচালনা আৰু নিৰ্বাচন সমিতি দুয়ো পক্ষই ভৱিষ্যতৰ কথা মনত ৰাখি যুৱ খেলুৱৈসকলক অধিক সুযোগ দিয়াৰ পক্ষপাতী বুলি জানিব পৰা গৈছে।
অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ এদিনীয়া কেৰিয়াৰ যথেষ্ট উজ্জ্বল। তেওঁৰ নেতৃত্বত ভাৰতে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল। সেই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক বেটিঙৰ যি ধাৰা গঢ়ি তুলিছিল, সেয়া একদিনীয়া ক্ৰিকেটত ভাৰতৰ খেলৰ ধৰণক নতুন ৰূপ দিছিল। সেই একে মানসিকতা আৰু আক্ৰমণাত্মক কৌশলৰ জৰিয়তেই ২০২৪ চনত তেওঁৰ নেতৃত্বত ভাৰতে টি-২০ বিশ্বকাপৰ খিতাপো দখল কৰিবলৈ সক্ষম হৈছিল।
অৱশ্যে, BCCI-ৰ পৰা এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। সেয়েহে ৰোহিত শৰ্মাৰ ভৱিষ্যৎ সম্পৰ্কে চূড়ান্ত সিদ্ধান্তৰ বাবে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ইংলেণ্ড ছিৰিজৰ অন্তিমখন মেচ।
