কাছাৰৰ শালগঙ্গাত চিনেমাৰ কায়দাৰে ডকাইতি কাণ্ড

কাছাৰৰ শালগঙ্গাত চিনেমাৰ কায়দাৰে ডকাইতি কাণ্ড। মঙলবাৰে নিশা বন্দুকধাৰী ডকাইতৰ দলে লুটিলে নগদ ১২লাখ টকা সহ সোণৰ আ-অলংকাৰ। শূন্যলৈ গুলী চালনা কৰে ১২ জনীয়া ডকাইতৰ দলটোৱে। বিকাশ ৰয় নামৰ এজন ব্যৱসায়ীৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় ২ মান বজাত ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে। ঘৰত প্ৰৱেশ কৰি ডকাইতৰ দলটোৱে প্ৰথমে পৰিয়ালটোৰ সকলোৰে হাতভৰি বান্ধি লয়।
পৰিয়ালটোৰ এটি শিশুৰ মূৰত বন্দুক থৈ টকাৰ দাবী কৰে ডকাইতৰ দলটোৱে। প্ৰাণৰ মমতাত নগদ ১২লাখ টকা ডকাইতৰ হাতত তুলি দিয়ে বিকাশ ৰয়ে। নগদ ধনসহ সোণৰ আ-অলংকাৰ লৈ উধাও হয় ডকাইতৰ দলটো। আনফালে ডকাইতি কাণ্ড সংঘটিত কৰি দলটোৱে শূণ্যলৈ গুলী চালনা কৰে। ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ বিশাল বাহিনী। ডকাইতৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...