কাছাৰৰ শালগঙ্গাত চিনেমাৰ কায়দাৰে ডকাইতি কাণ্ড

কাছাৰৰ শালগঙ্গাত চিনেমাৰ কায়দাৰে ডকাইতি কাণ্ড। মঙলবাৰে নিশা বন্দুকধাৰী ডকাইতৰ দলে লুটিলে নগদ ১২লাখ টকা সহ সোণৰ আ-অলংকাৰ। শূন্যলৈ গুলী চালনা কৰে ১২ জনীয়া ডকাইতৰ দলটোৱে। বিকাশ ৰয় নামৰ এজন ব্যৱসায়ীৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় ২ মান বজাত ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে। ঘৰত প্ৰৱেশ কৰি ডকাইতৰ দলটোৱে প্ৰথমে পৰিয়ালটোৰ সকলোৰে হাতভৰি বান্ধি লয়।
পৰিয়ালটোৰ এটি শিশুৰ মূৰত বন্দুক থৈ টকাৰ দাবী কৰে ডকাইতৰ দলটোৱে। প্ৰাণৰ মমতাত নগদ ১২লাখ টকা ডকাইতৰ হাতত তুলি দিয়ে বিকাশ ৰয়ে। নগদ ধনসহ সোণৰ আ-অলংকাৰ লৈ উধাও হয় ডকাইতৰ দলটো। আনফালে ডকাইতি কাণ্ড সংঘটিত কৰি দলটোৱে শূণ্যলৈ গুলী চালনা কৰে। ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ বিশাল বাহিনী। ডকাইতৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...