ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩৬জনকৈ শ্ৰমিক

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে এখন বলেৰ’ পিকআপ ভান। এই দুৰ্ঘটনাত আহত হৈছে ৩৬জনকৈ শ্ৰমিক।

মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী টানগাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা। কেঁকুৰি এটা ঘূৰিবলৈ লওতেই নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হৈছে ৩৬জনকৈ শ্ৰমিক। আহত আটাইকে হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পুঠিমাৰিৰ পৰা বামুণপাৰালৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন। আহত কেইবাজনৰো অৱস্থা অতি সংকটজনক। সংকটজনক অৱস্থাত কেইবাজনকো প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...