অৰুনাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ দুটা পৰিয়াল

অৰুনাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ দুটা পৰিয়াল। কণমানিসহ ৬জন লোক পতিত দুৰ্ঘটনাত। দুৰ্ঘটনাত পতিত এজন লোকৰ মৃতদেহ উদ্ধাৰ। আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা, এটি কণমানি। বৰ্তমানেও উদ্ধাৰ হোৱা নাই ৩জন। এখন স্ক’ৰপিঅ বাহনত গৈছিল লোককেইজন. অৰুণাচলৰ মায়দিয়ালৈ গৈছিল ফুৰিবলৈ। উভতনি পথত মায়দিয়া-ৰয়িঙৰ মাজত এই দুৰ্ঘটনা। মৃত লোকজন চালক অজয় ছেত্ৰী ওৰফে মনোজ ছেত্ৰী। উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম হৰিমায়া ছেত্ৰী। উদ্ধাৰ হোৱা কণমানিৰ নাম ৰস্নী ছেত্ৰী। উদ্ধাৰ হোৱা নাই মিনা ছেত্ৰী, ৰঞ্জিত ছেত্ৰী আৰু সুৰজ ছেত্ৰী। বাহনখনৰ সৈতে ৫০০ ফুট দ’ খাৱৈত আবদ্ধ হৈ আছে লোককেইজন। আহতসকলক ততাতৈয়াকৈ AMCHলৈ প্ৰেৰণ। নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচললৈ গৈছিল লোককেইজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...