তীব্ৰবেগী ডাম্পাৰক নাকী লগাব কোনে? ডাম্পাৰৰ খুন্দাত পুনৰ প্ৰাণ গ’ল এজনৰ

ডাম্পাৰ ‘বাহন’ নে ‘যমদূত’? এতিয়া যেন আতংকৰ আন এক নাম হৈ পৰিছে ডাম্পাৰ। আজি পুৱাই শৰাইঘাটৰ নতুন দলঙত সংঘটিত হয় ভয়ংকৰ পথ দুর্ঘটনা। নম্বৰপ্লেটবিহীন ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এজন চাইকেল আৰোহীৰ। দলঙৰ ওপৰেদি গৈ থকা অৱস্থাত পাছফালৰ পৰা মহতিয়াই নিলে লোকজনক। মৃত লোকজন জালুকবাৰী অঞ্চলৰে ভাগ্যেশ্বৰ সিনহা দাস বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে জালুকবাৰী আৰক্ষীয়ে তৎপৰতাৰে ডাম্পাৰৰ চালকজনক আটক কৰাৰ লগতে জব্দ কৰে নম্বৰপ্লেটবিহীন ডাম্পাৰখনো। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা জামাল আলী ডাম্পাৰৰ চালকজনৰো নাছিল ড্ৰাইভিং লাইচেন্স। কোনোধৰণৰ নথি–পত্ৰও নাই ডাম্পাৰখনৰ। ঘটনাৰ পিছতে উত্তপ্ত হয় পৰিস্থিতি, দুৰ্ঘটনা সংঘটিত কৰা চালকজনক প্ৰহাৰো কৰে একাংশই।

উল্লেখ্য যে দৈনিক ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা সংঘটিত কৰিয়েই আছে ডাম্পাৰে। ডাম্পাৰৰ খুন্দাত অকালতে হেৰাই গৈছে বহু সম্ভাৱনা নাইবা চিৰদিনলৈ ঘুণীয়া হৈছে বহুজন। উকা হৈছে কোনো নৱবিবাহিতাৰ কপাল, সন্তান নাইবা পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈছে বহুজন। খবৰবোৰে বাতৰিৰ শিৰোনাম দখল কৰে। তাৰ পিছতো গা নলৰে বিভাগীয় কৰ্তৃপক্ষৰ। লোৱা নহয় কোনো ব্যৱস্থা। প্ৰশ্ন হয়, আৰু কিমান সম্ভাৱনা হেৰাই গ’লে ব্যৱস্থা লোৱা হ’ব তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে? নে এনেকৈয়ে ঘটি থাকিব ঘটনাবোৰ? প্ৰশ্ন বহুত, কিন্তু উত্তৰ…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...