ৰাষ্ট্ৰীয় কাৰাটেত যোৰহাটৰ ৰিজামণি বৰাৰ প্ৰথম স্থান

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোৰহাটৰ এগৰাকী যুৱতীয়ে প্ৰথম স্থান লাভেৰে সফলতা কঢ়িয়াই আনিছে। উল্লেখ্য যে, যোৱা ৮ আৰু ৯ অক্টোবৰত উত্তৰ প্ৰদেশৰ মথুৰাত অনুষ্ঠিত ষষ্ঠ অল ইণ্ডিয়া ইনভাইটেচনেল ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্রহণ কৰি প্ৰথম স্থান লাভেৰে গৌৰৱ কঢ়িয়াই আনে যোৰহাটৰ বালিগাঁও ভাবলিচুকৰ ৰিজামণি বৰাই। ৰিজামণিয়ে ১৮ বছৰ ঊৰ্ধ্বৰ ছোৱালীৰ জ্যেষ্ঠ কুমিটে শাখাত অংশগ্ৰহণ কৰি এই সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে, ৰিজামণি বৰাই ইতিমধ্যে যোৰহাটৰ বাহনা কলেজৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্রী লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...