মার্কিন আলোচনী ‘ল’অফিচিয়েল’ত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পোছাকত মডেল

বিশ্বৰ ফেশ্বন জগতৰ অন্যতম শ্রেষ্ঠ আলোচনী হিচাপে চিহ্নিত ‘দা ল’অফিচিয়েল’ৰ শেহতীয়া সংখ্যাত অসম কন্যা তথা প্রসিদ্ধ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ পৰিধান কৰা মডেলৰ ফটো প্ৰকাশিত হৈছে। আধুনিক মহিলাৰ বাবে ‘দ্য লাক্মাৰী বাইবেল’ হিচাপে সুপৰিচিত ‘দ্য ল’অফিচিয়েল’ত মাত্ৰ এখন ফটো প্ৰকাশৰ বাবে বিশ্বৰ সুন্দৰী মডেলে বছৰৰ পাছত বছৰ ধৰি অধিৰ আগ্ৰহেৰে অপেক্ষা কৰে। এনে সময়তে অসম কন্যা, ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ পৰিধান কৰি মডেল নয়না বিছভাই আমেৰিকাৰ নিউয়র্ক চিটিত ফটো শুট কৰে।

সমান্তৰালভাৱে মডেল নয়নাৰ এই আকর্ষণীয় ফটো ‘ল’অফিচিয়েল’ত প্ৰকাশ হোৱাৰ লগে লগে বিশ্বৰ ফেশ্বন ক্ষেত্ৰখনত স্বাভাৱিকতে সৃষ্টি হৈছে তীব্র কৌতূহল আৰু চৰ্চাৰ। উল্লেখ্য যে অসমৰ থলুৱা ৰেচমী সুতাবে ডিজাইন কৰা সংযুক্তা দত্তৰ অত্যাধুনিক ফেশন ডিজাইনিঙৰ বস্ত্ৰই ইতিমধ্যে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰীধাৰী সংযুক্তা দত্তই চৰকাৰী চাকৰি বাদ দি অসমৰ থলুৱা পাট-মুগাক অনন্য ৰূপত বিশ্বত জনপ্রিয় কৰাৰ এক সপোনমুখী যাত্ৰা আৰম্ভ কৰিছিল। স্পষ্টতঃ অসমৰ চহকী ৰেচমী সূতাক থলুৱা আৰু আধুনিকতাৰে সংমিশ্ৰণ কৰি নিজ শৈলীৰে মেখেলা-চাদৰ তথা আন ডিজাইনৰ প্ৰস্তুত কৰা বস্ত্ৰ পৰিধান কৰি ইতিমধ্যে বিশ্বৰ আগশাৰীৰ মডেল তথা অভিনেত্ৰীয়ে ৰেম্পত কেটৱাক কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এহাতে অসমৰ ঐতিহ্যময় বস্ত্ৰক ব্যৱসায়িক ভিত্তিত জনপ্ৰিয় কৰা আৰু আনফালে ৰাজ্যৰ থলুৱা শিপিনীৰ অর্থনৈতিক স্বাৱলম্বিতাৰ বাট মুকলি কৰা— এই দুই লক্ষ্যৰে আৰম্ভ কৰা অসম কন্যা সংযুক্তা দত্তৰ যাত্ৰাই ইতিমধ্যে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। ফেশ্বন জগতৰ অত্যন্ত প্ৰত্যাহ্বান নেওচি আৰম্ভ কৰা সংযুক্তা দত্তৰ ৰেচমী মেখেলা-চাদৰ পিন্ধি ইতিমধ্যে ইংলণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে বিশ্ববাসীৰ সন্মুখত উজলাই তুলিছে অসমীয়াৰ স্বাভিমান তদুপৰি বলিউডৰ প্ৰখ্যাত, জনপ্রিয় অভিনেত্রী হেমা মালিনী, বিপাশা বসু, প্রীতি জিন্টা, কৰিশ্মা কাপুৰ, ভাগ্যশ্রী প্রমুখ্যে একাধিকে সংযুক্তা দত্তৰ বিভিন্ন ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি ইতিমধ্যে নামিছে ৰেম্পত। বিশ্বৰ অন্যতম ঈর্ষণীয় নিউয়র্ক ফেশ্বন উইকৰ লগতে লেকমে ফেশ্বন উইক তথা অন্যান্য জনপ্রিয় ফেশ্বন উইকতো বিশ্বৰ আগশাৰীৰ মডেল তথা অভিনেত্ৰীয়ে অসম কন্যা সংযুক্তা দত্তৰ থলুৱা আৰু আধুনিকতাৰ সংমিশ্ৰণৰ বস্ত্ৰ পৰিধানৰে ৰেম্পত খোজ দি সৃষ্টি কৰিছে অসমৰ থলুৱা শিপিনীৰ বস্ত্ৰ সম্ভাৰৰ আন এক সোণালী অধ্যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...