পুটিনৰ হাতত নতুন অস্ত্ৰ

0 139

✒️ অচিন্ত্য শৰ্মা

নতুন ৰূপত আৰম্ভ হ’ব ইউক্ৰেইন যুদ্ধ

পুনৰ প্ৰবল হৈ উঠিব ধৰিছে ইউক্ৰেইন যুদ্ধ
নতুন শক্তিৰে ৰুছিয়াই আৰম্ভ কৰিব নতুন আক্ৰমণ
পুটিনৰ হাতত দ্য ফাদাৰ অব্ অল ৱেপনছ্

হয়, বিশ্ববাসীৰ বাবে গুৰুতৰ দু:সংবাদ। আপাত দৃষ্টিত শাম কাটি অবা ইউক্ৰেইন যুদ্ধ পুনৰ ভয়ংকৰ ৰূপত আৰম্ভ হোৱাৰ দুৰ্ভাৱনা। ইয়াৰ বাবে নতুন কৈ সাজু হ’ব ধৰিছে ৰুছ বাহিনী; পুটিনৰ হাতত আহি পৰিছে নতুন অস্ত্ৰ আৰু নতুন আঁচনি। ইতিমধ্যে এটা কথা স্পষ্ট হৈ উঠিছে যে ৰুছিয়াৰ ইউক্ৰেইন অভিযান ব্যৰ্থ হৈছে। নিজে অকল্পনীয় ক্ষতিৰ সন্মুখীন হৈ ইউক্ৰেইনত কিছু ধ্বংসলীলা চলোৱাৰ বাহিৰে এই যুদ্ধৰ পৰা একো ভূ-ৰাজনৈতিক লাভ উঠাব নোৱাৰিলে পুটিনে। বৰঞ্চ ৰাষ্ট্ৰীয় পৰ্যায়ত পুটিনৰ আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ৰুছিয়াই ভাবমূৰ্তি বিনষ্টহে হ’ল। এনে পেক্ষাপটত শেষ পৰ্যন্ত সন্মান ৰক্ষাৰ যুঁজত পৰিণত হোৱা যুদ্ধখনত পুটিনে বাৰে বাৰে দিছে সন্মান ৰক্ষাৰ অস্ত্ৰ ব্যৱহাৰৰ ভাবুকি। পিচে সহজ নহয় পাৰমাণবিক অস্ত্ৰৰ ব্যৱহাৰ। পৰমাণু বোমা বা পৰমাণু ক্ষেপনাস্ত্ৰ নিক্ষেপৰ পৰিণতিৰ বিষয়ে নিশ্চিতভাবে অবগত ৰাষ্ট্ৰপতি পুটিনে। সেয়ে পুটিনৰ পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ এই মূহূৰ্তলৈকে থমকি ৰৈছে কেৱল ধমকিৰ বাবেহে। কিন্তু থমকি ৰোৱা নাই পুটিনৰ ইউক্ৰেইন জয়ৰ আকাংখ্যা। আৰু এই আকাংখ্যাৰ বোকোচাত উঠিয়েই বিকশিত হৈছে ৰুছিয়াৰ নতুন অস্ত্ৰ তথা সমৰ কৌশল-ইলেকট্ৰ’মেগনিটিক পালছ ষ্টাইক। যি আক্ৰমণে পৰমাণু বোমা বা ক্ষেপনাস্ত্ৰতকৈও ব্যৱহাৰিক দিশত বহুগুণে ক্ষতি কৰিব ইউক্ৰেইনৰ।

পিচে কি এই ইলেকট্ৰ’মেগনিটিক পালছ্ ষ্টাইক? দৰাচলতে এই ক্ষেত্ৰত ইলেকট্ৰ’মেগনিটিক পালছ্ হৈছে পাৰমাণিবক বিস্ফোৰণৰ দ্বাৰা সৃষ্টি কৰা শক্তিৰ অতি প্ৰবল ঢৌ, যি ঢৌৱে শ্বৰ্ট চাৰ্কিটৰ জপিয়তে মূহূৰ্তৰ ভিতৰতে বিনষ্ট কৰি দিব পাৰে বিশাল অঞ্চল একোটাৰ সকলো ইলেকট্ৰ’নিকআৰু বৈদ্যুতিক উপকৰণ। স্তব্ধ কৰি দিব পাৰে সকলো ট্ৰেকিং আৰু কমিউনিকেটিং ব্যৱস্থা। এই ক্ষেত্ৰত সংশ্লিষ্ট পাৰমাণবিক বিস্ফোৰণ বায়ুমণ্ডলৰ অতি উচ্চতাত সংঘটিত কৰা হয় বাবে জীৱন বা অন্য সা-সম্পত্তিৰ বিষয়ে একো ক্ষতি নহয়। আনহাতে উক্ত বিস্ফোৰণ যিমানেই বেছি উচ্চতাত সংঘটিত কৰিব পৰা যায়, সিমানেই বেছি অঞ্চলক সামৰি লয় ক্ষয়-ক্ষতিৰ। এয়াই ইলেকট্ৰ’মেগনিটিক পালছ্ ষ্টাইক বা বিদ্যুৎ চুম্বকীয় তৰংগ আক্ৰমণ। এই আক্ৰমণ চলাবলৈ ৰুছিয়াৰ ইত্মমধ্যে সাজু কৰি তুলিছে নিজৰ ঝিৰকণ ক্ষেপনাস্ত্ৰ প্ৰণালী। লক্ষণীয়ভাবে ইউক্ৰেইনৰ ওপৰত চলোৱা এনে এটা আক্ৰমনেৰেই ৰুছিয়াই সমগ্ৰ ইউক্ৰেইন আন্ধকাৰত বুৰাই বোৰাই পেলাব পাৰিব। বিদ্যুৎ বিহীন, পৰিবগন বিহীন হৈ পৰিব গোটেই দেশখন। কাৰ্যক্ষম বিহীন হৈ পৰিব ইউক্ৰেইন নাটোৰ পৰা লাভ কৰা প্ৰতিৰক্ষা ব্যৱস্থাৱলী। আনকি ইউক্ৰেইনে ব্যৱহাৰ কৰা কৰি থকা কৃত্ৰিম উপগ্ৰহসমূহো অকাৰ্যকৰী হৈ পৰিব ৰুছ বিদ্যুৎচুম্বকীয় তৰংগ আক্ৰমণ প্ৰবল আঘাতত।

যুদ্ধত ইতিমধ্যে ইউক্ৰেইন আন্ত:গাথনি ভীষণ ভাবে ক্ষতি গ্ৰস্থ হৈছে। ধ্বংস প্ৰাপ্ত আন্ত:গাথনি পুনৰ নিৰ্মাণৰ চেষ্টা আৰম্ভ কৰিছে দেশখনে। এতিয়া ৰুছ ইলেকট্ৰ’মেগনিটিক পালছ্ ষ্ট্ৰাইক বা বিদ্যুৎ চুম্বকীয় তৰংগৰ আক্ৰমণ আক্ৰমণে ইউক্ৰেইনৰ সেই প্ৰচেষ্টাও সম্পূৰ্ণৰূপে ব্যাহত কৰিব। সৃষ্টি হ’ব গভীৰ মানবীয় সংকটৰ। সৃষ্টি হ’ব নতুন এক ৰুছ আক্ৰমণৰ বাবে উপযুক্ত পৰিবেশৰ। তাত্পৰ্যপূৰ্ণভাবে ইউক্ৰেইনৰ ওপৰত পাৰমাণবিক বিস্ফোৰণসৃষ্ট বিদ্যুৎ চুম্বকীয় তৰংগৰদ্বাৰা আক্ৰমণ চলোৱাৰ সপক্ষে ৰুছিয়াতো সৃষ্টি হৈছে প্ৰবল জনমতৰ। ৰুছ সেনাৰ এনে আক্ৰমণৰ অনুশীলনো প্ৰৰ্দশন কৰিছে। অৱশ্যে এইধৰণৰ আক্ৰমণ আছে কেতবোৰ ৰিস্ক ফেক্টৰো। ইলেকট্ৰ’মেগনিটিক পালছ্ ষ্টাইকৰ বাবে বায়ুমণ্ডলৰ বহু ওপৰত, ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত পাৰমাণবিক বিস্ফোৰণ সংঘটিত কৰা হয় যদিও ইয়াৰ পিছতো কেতিয়াবা বিপদজনক ভাবে নিম্নস্থানলৈ নামি আহিব পাৰে তেজস্কীয়তাৰ বিকীৰণ। তদুপৰি আক্ৰমণ বিদ্যুৎ চুম্বকীয় তৰংগই আঘাত হানিব পাৰে নিৰ্ধাৰিত সীমাৰ বাহিৰতো। তথাপি ইলেকট্ৰ’মেগনিটিক পালছ্ ষ্ট্ৰাইকৰ বাবে পুটিন সাজু হৈছে। সাজু হৈছে ইউক্ৰেইনক এহেকা দিবলপৈ। সময়তহে ক’ব, ভিন্ন ৰূপত হ’লেও পাৰমাণবিক অস্ত্ৰৰ ব্যৱহাৰৰ পিছত ইউক্ৰেইন যুদ্ধই কি ৰূপ লয়গৈ।

Leave A Reply

Your email address will not be published.