ৰাষ্ট্ৰীয় কাৰাটেত যোৰহাটৰ ৰিজামণি বৰাৰ প্ৰথম স্থান

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোৰহাটৰ এগৰাকী যুৱতীয়ে প্ৰথম স্থান লাভেৰে সফলতা কঢ়িয়াই আনিছে। উল্লেখ্য যে, যোৱা ৮ আৰু ৯ অক্টোবৰত উত্তৰ প্ৰদেশৰ মথুৰাত অনুষ্ঠিত ষষ্ঠ অল ইণ্ডিয়া ইনভাইটেচনেল ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্রহণ কৰি প্ৰথম স্থান লাভেৰে গৌৰৱ কঢ়িয়াই আনে যোৰহাটৰ বালিগাঁও ভাবলিচুকৰ ৰিজামণি বৰাই। ৰিজামণিয়ে ১৮ বছৰ ঊৰ্ধ্বৰ ছোৱালীৰ জ্যেষ্ঠ কুমিটে শাখাত অংশগ্ৰহণ কৰি এই সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে, ৰিজামণি বৰাই ইতিমধ্যে যোৰহাটৰ বাহনা কলেজৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্রী লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...