ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চত পুনৰ আৰম্ভ হৈছে কন্দল

নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চত পুনৰ আৰম্ভ হৈছে কন্দল। অখিল গগৈৰ বিৰূপ মন্তব্যক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সৰৱ হৈ পৰাৰ পিছতেই এইবাৰ কথাৰ সুৰ সলনি কৰিছে অখিল গগৈয়ে। কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই শনিবাৰে স্থিতি স্পষ্ট কৰিলে অখিল গগৈয়ে। নৰম সুৰত এইবাৰ অখিলে ক’লে – কংগ্ৰেছক লৈ একো অসন্তুষ্টি নাই অখিল গগৈৰ। কিন্তু কবলগীয়া কথা কৈ দিয়ে অখিল গগৈয়ে। লগতে অখিল গগৈৰ ঘোষণা কংগ্ৰেছক লৈ আৰু একো নকয় অখিল গগৈয়ে।

মিত্ৰ দল কংগ্ৰেছ সন্দৰ্ভত বিৰূপ মন্তব্য কৰি প্ৰদেশ সভাপতি ভূপেন বৰাৰ ৰোষত পৰিছিল অখিল গগৈ। অখিল গগৈক পত্ৰযোগে জবাবদিহি কৰিছিল ভূপেন বৰাই। আৰু তাৰ পিছতেই প্ৰতিক্ৰিয়া অখিল গগৈৰ। মোক দিয়া পত্ৰৰ উত্তৰ দিলোঁ, এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে কোনো বিষোদগাৰ নাই।

অখিল গগৈয়ে কয় – সমালোচনা আৰু আত্মসমালোচনাৰ মাজেদি ২৬ত বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰ কথা। লুৰীণজ্যোতি গগৈ ডিব্ৰুগড়ত বিজয়ী হোৱাৰ পিছতেই ৰাইজৰ দল আৰু অজাপ একেলগ হোৱাৰ ঘোষণা অখিল গগৈৰ। দল একত্ৰিকৰণ নহলেও সকলো আঞ্চলিক দলক লৈ মৰ্চা গঠনৰ প্ৰসংগ উত্থাপন অখিল গগৈৰ। উদ্দেশ্য BJPক ২৬ত পৰাস্ত কৰা।

দুদিন আগলৈকে কংগ্ৰেছে লখিমপুৰ, শোণিতপুৰকে ধৰি কেইবাটাও সমষ্টিত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে প্ৰচাৰতো বিশেষ সাহায্য আগনৱঢ়োৱা বুলি সৰৱ হৈছিল অখিল গগৈ। কিন্তু ৰাজনীতিত নেতাৰ পাভলুটি মাৰিবলৈ যেন প্ৰয়োজন নহয় অধিক সময়ৰ। তাকেই পুনৰবাৰ প্ৰমাণ কৰি BJP ক ৰুধিবলৈ লুৰিনজ্যোতি গগৈ আৰু অখিল গগৈ দুই ভাই লগ লাগিব বুলি কৈ ভূপেন বৰাক তৃতীয় ভাই আখ্যা দিলে অখিলে। মিত্ৰতা ভাঙিবলৈ যিয়েই যিমান চেষ্টা নকৰক কিয় কংগ্ৰেছ বা ভূপেন বৰাৰ কথা হেনো আৰু একো নকয় অখিল গগৈয়ে। উল্লেখযোগ্য যে বিৰোধী ঐক্য মঞ্চ গঠনৰ সময়ৰ পৰাই কংগ্ৰেছৰ বিৰুদ্ধে সময়ে সময়ে বিভিন্ন বিৰূপ মন্তব্য কৰি আহিছে অখিলে। নতুনকৈ ভূপেন বৰাৰ প্ৰসংগত অখিলে লোৱা এই পণ কিমান দিনলৈ তিস্তি থাকে তাৰ ওপৰতে হয়তো বহু পৰিমাণে নিৰ্ভৰ কৰিব ’২৬লৈকে অসমত বিৰোধী ঐক্য মঞ্চৰ ভৱিষ্যত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...