২০২২ৰ পহিলা মাহতে কাজিৰঙাত গঁড় নিধন কৰি চোৰাংচিকাৰীয়ে কাটি নিলে খৰ্গ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় নিধন। চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত প্ৰথমটো গঁড় নিধনৰ ঘটনাই উদঙালে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ। ঘটনা অনুসৰি বুধবাৰে নিশা প্ৰায় ৮.৪৫ বজাত কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ পৰা ১ কিলোমিটাৰ নিলগত ঘন হাবিৰ মাজত উদ্ধাৰ হয় এটা খৰ্গবিহীন গঁড়ৰ মৃতদেহ। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি প্ৰায় ১০-১৫ দিন পূৰ্বেই গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গটো লৈ উধাও হয়। বুধবাৰে নিশাহে শিলেখুন্দা বন শিবিৰৰ বনকৰ্মীয়ে মৃত গঁড়টো উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই।

পুৱা উদ্যানখনৰ সঞ্চালক, DFO, বন বিভাগৰ এটা বৃহৎ দল,গোলাঘাট জিলা আৰক্ষী অধীক্ষক, বোকাখাত মহকুমা আৰক্ষী বিষয়া ঘটনাস্থলীলৈ ৰাওনা হয়। নতুন বছৰৰ প্ৰথমটো মাহতে চোৰাং চিকাৰীয়ে নিধন কৰিলে অসম গৌৰৱ এশিঙীয়া গঁড়, লুটি নিলে খৰ্গ। যোৱা ২৮ ডিচেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনৰ কাৰ্তিকা বন শিবিৰৰ বনকৰ্মীয়ে চোৰাংচিকাৰী প্ৰৱেশৰ তথ্য লাভ কৰিছিল। পৰৱৰ্তী সময়ত চোৰাংচিকাৰীৰ সন্ধানত বন বিভাগ আৰু আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছিল। সেই তথ্যৰ পম খেদিয়েই যোৱা ৩১ ডিচেম্বৰত ব্রহ্মপুত্রৰ পাৰত ৪খন জাল উদ্ধাৰ কৰিছিল বন বিভাগে।

আনহাতে, বন বিভাগৰ সোপাধিলা নীতিৰ বিৰুদ্ধে সৰৱ হৈছে কাজিৰঙাৰ দল-সংগঠন। মন কৰিবলগা কথাটো এয়ে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ সহযোগিতাৰ অবিহনে কাজিৰঙা সুৰক্ষা দিয়াতো সম্ভৱ নহয় সেয়া সকলোৰে অৱগত। লগতে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ দাবী বিভিন্ন সংগঠনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...