অজস্ৰ গুণমুগ্ধৰ বশিষ্ঠ দেৱ শৰ্মাক শেষ বিদায়, আজি সম্পন্ন হ’ব শেষকৃত্য

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ আজি সম্পন্ন হ’ব শেষকৃত্য। সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবহকগৰাকীৰ মৃত্যুত শোকবিহ্বল আজিও ৰাজ্যবাসী। শংকৰদেৱ বঁটাপ্ৰাপক বশিষ্ঠ দেৱ শৰ্মাৰ অন্তিম যাত্ৰাত ভাগ ল’বলৈ বৰপেটাত উপস্থিত সহস্ৰাধিক গুণমুগ্ধ। সত্ৰৰত্নগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নশ্বৰদেহৰ আজি ৰাজ্যিক মৰ্যাদাৰে হ’ব শেষকৃত্য। বুঢ়া সত্ৰীয়াৰ নশ্বৰ দেহ সত্ৰলৈ নি কীৰ্তনঘৰৰ চাৰিওফালে ঘূৰাই সত্ৰৰ খটখটীৰ পূব পাৰত সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া।

ইয়াৰ লগে লগে অৱসান ঘটিব বুঢ়া সত্ৰীয়াৰ জীৱনজোৰা সাধনাৰ এক বৰ্ণাঢ্য পৰিক্ৰমা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...