উত্তৰ গুৱাহাটীত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ বিৰুদ্ধে অঞ্চলবাসীৰ অভিযোগ, দুৰ্গন্ধত অতিষ্ঠ ৰাইজ

উত্তৰ গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ৰ সমুখত অৱস্থিত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। প্ৰতিষ্ঠানটোৰ পৰা ওলোৱা খাদ্যৰ পেলনীয়া সামগ্ৰীৰ দুৰ্গন্ধই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে খাদ্য প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোৱে খাদ্যৰ পেলনীয়া সামগ্ৰী এক বিশেষ প্ৰক্ৰিয়াৰে পথৰ নলাত পেলাই আহিছে। ফলত পেলনীয়া সামগ্ৰীসমূহ পচি তীব্ৰ দুৰ্গন্ধৰ সৃষ্টি হৈছে। ইয়াৰ ফলত কাটিং পাহাৰ অঞ্চলত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে উশাহ-নিশাহ লোৱাটোও কঠিন হৈ পৰিছে বুলি অভিযোগ কৰিছে ৰাইজে।

আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে, এই দুৰ্গন্ধময় পৰিৱেশৰ প্ৰভাৱ পৰিছে সমীপতে থকা জি এন আৰ চি চিকিৎসালয়লৈ অহা ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলৰ ওপৰতো। চিকিৎসালয়খনলৈ অহা সাধাৰণ লোকৰ লগতে ৰোগীসকলেও এনে পৰিৱেশৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

ইফালে, এই সন্দৰ্ভত স্থানীয় বাসিন্দাসকলে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন কৰ্তৃপক্ষক অভিযোগ দাখিল কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।

জনসেৱাৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক খাদ্য যোগান ধৰি অহা প্ৰতিষ্ঠানটোৰ এনে কাৰ্যকলাপে এতিয়া স্থানীয় লোকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে। জনসেৱাৰ নামত অঞ্চলবাসীক দুৰ্গন্ধ আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত থাকিবলৈ বাধ্য কৰা হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে।

এতিয়া স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগে বিষয়টোত কিমান সোনকালে ব্যৱস্থা গ্ৰহণ কৰে, সেয়াই হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৪৭ বছৰৰ মূৰত CRPFৰ ইতিহাসত বিৰল অভিলেখ! একেৰাহে কৰা ১২ মাহৰ অভিযানত প্ৰাণ হেৰুওৱা নাই এজনো জোৱানে

দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...