ঘন কুঁৱলী ভাঙি চলিছে গণৰাজ্য দিৱসৰ আখৰা

ঘন কুঁৱলী
তাপমাত্ৰা মামিছে ৩.৯ ডিগ্ৰী চেলছিয়াছলৈ
শীতে কোঙা কৰিছে দিল্লী

গাৰ কাষত থকা মানুহজনকো চিনিব নোৱাৰা এক পৰিস্থিতি। সমগ্ৰ দিল্লী ঢাকি ধৰিছে ঘন কুঁৱলীয়ে। অদৃশ্যপ্ৰায় হৈ পৰিছে চৌপাশ। এয়া শুকুৰবাৰৰ পুৱাৰ দৃশ্য। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰসহ চৌপাশ ঘন কুঁৱলীৰ আচ্ছাদনৰ তলত। পালম অঞ্চলতো একেই পৰিবেশ। পুৱা ৭–৮ বজাতো জ্বলি আছে ষ্ট্ৰীট লাইট। লাইট জ্বলাই পথত চলিব লগা হৈছে গাড়ী–মটৰ।

প্ৰবল শীতৰ মাজতো ব্যস্ত সেনা–আৰক্ষী
কদম কদম বঢ়ায়ে যা…

ঘন কুঁৱলী ভাঙি চলিছে গণৰাজ্য দিৱসৰ আখৰা। এয়া কৰ্তব্য পথ। পুৱাতে পেৰেডৰ আখৰাৰে ছন্দময় ৰাজপথ। সেনা, অৰ্ধসামৰিক বাহিনী, NCC আদিৰ কেডাৰ, জোৱানে কৰি আছে আখৰা। গণৰাজ্য দিৱসত এইদৰে মুখৰ হ’ব কৰ্তব্য পথ। এইবাৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...