আহি আছে ‘পুষ্পা 2 : দ্য ৰুল’

২০২১ চনত মুক্তিপ্ৰাপ্ত পুষ্পা: দ্য ৰাইজ ছবিখনে খলকনি তুলিছিল বক্স অফিচত। ২০২১ চনত মুক্তিপ্ৰাপ্ত পুষ্পা: দ্য ৰাইজৰ আন্তাভা, শ্ৰীভাল্লী আৰু ছামি ছামি আদি কেইবাটাও হিট গীতে সমৃদ্ধ কৰি তুলিছিল ছবিখন। পুষ্পা: দ্য ৰাইজ নিৰ্মাণ কৰা হৈছিল ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ৰ ক্ষেত্ৰত ক্ষমতাৰ সংগ্ৰামৰ পটভূমিত৷ ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ পিছত এইবাৰ পুনৰ ছবিগৃহলৈ আহি আছে পুষ্পাৰ দ্বিতীয় অংশ ‘পুষ্পা 2: দ্য ৰুল’। সোমবাৰে ঘোষণা কৰা হৈছে ‘পুষ্পা 2 : দ্য ৰুল’ৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ। ছবিখনৰ নিৰ্মাতা মৈত্ৰী মুভী মেকাৰ্ছে ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। মঙলবাৰে মৈত্ৰী মুভী মেকাৰ্ছে অফিচিয়েল এক্স হেণ্ডেলত ছবিখনৰ ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। ১৭ নৱেম্বৰৰ সন্ধিয়া ৬.০৩ বজাত পাটনাত মুকলি কৰা হ’ব ‘পুষ্পা 2 : দ্য ৰুল’ৰ ট্ৰেইলাৰ। নিৰ্মাতাই এক্স হেণ্ডেলত লিখিছে, “চিনেমা হলত গণ মহোৎসৱ আৰম্ভ হোৱাৰ পূৰ্বে ১৭ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত ‘পুষ্পা 2 : দ্য ৰুল’ৰ ট্ৰেইলাৰৰ উপভোগ কৰক।”

‘পুষ্পা 2 : দ্য ৰুল’ৰ ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে আল্লু অৰ্জুনৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে৷ পুষ্পা 2 : দ্য ৰুল ছবিখন প্ৰথমে ৬ ডিচেম্বৰত মুক্তি পোৱাৰ কথা আছিল, যদিও শেহতীয়াকৈ নিৰ্মাতাসকলে ইয়াৰ মুক্তিৰ তাৰিখ ৫ ডিচেম্বৰলৈ আগুৱাইছে। সমান্তৰালকৈ অভিলেখ ভংগকাৰী বক্স অফিচ মুকলিৰ বাবে সাজু হৈছে ‘পুষ্পা ২: দ্য ৰুল’। ছবিখনে বিশ্বজুৰি ২৭০ কোটি টকাৰ কালেকশ্বনেৰে অভিষেক ঘটাব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ নিৰ্মাতাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...