‘শক্তিমান’ চাবলৈ সাজুনে আপুনি?

১৯৯৭ চনত পোন প্ৰথমবাৰৰ বাবে দুৰদৰ্শনৰ যোগে সম্প্ৰচাৰিত হৈছিল ছুপাৰহিট ধাৰাবাহিক ‘শক্তিমান’। দেশৰ চহৰে-নগৰে, গাৱে-ভূঞে সকলোতে যেন শক্তিমান হৈ পৰিছিল দুপৰীয়াৰ এচোৱা বাধ্যতামূলক সময়। প্ৰথমতেই বাজি উঠিছিল সেই গলগলীয়া কণ্ঠস্বৰ, ‘মে সময় হু’।

সেই শক্তিমানে বান্ধি ৰাখিছিল ৯০ৰ দশকৰ প্ৰতিজনৰে শৈশৱ অথবা কৈশোৰৰ দেওনা গৰকা লোকক। ৮০ৰ দশকৰ যুৱকৰো আপোন হৈ পৰিছিল শক্তিমান। সাৱলীল আৰু সাৰগৰ্ভ কথাৰে ৭০দশকৰ জ্যেষ্ঠজনকো সামৰি লৈছিল শক্তিমানে। ২০০৫ চনলৈকে প্ৰায় প্ৰতিজন লোকেই জানিছিল শক্তিমান কি। সমাজৰ অপশক্তি নাশৰ বাবে শক্তিমানৰ যুঁজ, কাহিনীৰ মাধ্যমেৰে শিশুসকলক দিয়া জীৱন পাঠ আদিৰে সৈতে শক্তিমান আছিল এখন সৰ্বজন উপভোগ্য ধাৰাবাহিক। এই মূহূৰ্তত প্ৰতিবেদন পঢ়ি থকা আপুনিও হয়তো উভতি যাব পাৰে দেওবাৰৰ কোনোবা এটা দুপৰলৈ। য’ত টিভি এটা থকা মানুহঘৰত জুম বান্ধিছিল লৰা ছোৱালীবোৰে। সেই শক্তিমান আকৌ উভতি আহিছে। সাংবাদিকৰ আগত শক্তিমান অৰ্থাত মুকেশ খান্নাই সেয়ে আৰম্ভণিতেই সুধিলে মই আপোনালোকক স্বাগত জনাম নে আপোনালোকে মোক জনাব?

কালজয়ী সেই চৰিত্ৰৰ কথা বৰ্ণাবলৈ গৈ মুকেশ খান্নাই কলে- ‘এই পোছাকযোৰ মোৰ ভিতৰত আছে, মই ধাৰণ কৰোঁ এই চৰিত্ৰ। পাহৰি যাওঁ কেমেৰা, শ্বুটিং। অভিনয় আত্মবিশ্বাসৰ বিষয়। শক্তিমান’ৰ প্ৰত্যাৱৰ্তনত আনতকৈ সুখী মই।’

সমাজ, প্ৰজন্ম আৰু দৰ্শকৰ প্ৰতি ‘শক্তিমান’ৰ দায়িত্ব ৰোমন্থন কৰি মুকেশ খান্নাই আকৌ কলে- ‘১৯৯৭ৰে পৰা এটা দায়িত্ব মই কঢ়িয়াই ফুৰিছোঁ। মই ভাৱোঁ, ২০২৭তো শক্তিমানৰ ধাৰণাটো বিয়পি পৰক। আজিৰ প্ৰজন্মই চকু বান্ধি দৌৰিছে, উজুটি খাইছে। তেওঁলোকক খামুচি ধৰিব লাগিব, বিচাৰি দিব লাগিব উশাহ!’

ইতিমধ্যে নতুন ৰূপত এক ভিডিঅও প্ৰকাশ কৰিছে মুকেশ খান্নাই। ২০২৭ত আকৌ আহিব শক্তিমান। কি ৰূপত, কেনেকৈ, কি নতুনত্বৰে, সেইয়া সময়ে কব। কিন্তু নিগনি দৌৰত দৌৰা প্ৰতিজন ৮০-৯০ দশকৰ মানুহলৈ, শক্তিমানে যেন লৈ আহিব আকৌ এবাৰ সেই আত্মবিশ্বাসৰ পাঠ, দায়িত্ববোধৰ শিতান, জীৱনৰ নেওতা আৰু মনোৰঞ্জনৰ মালিতা। দৌৰি থকা মানুহবোৰ ৰব, ৰৈ জিৰাব। এবাৰ বুজি চাব জীৱনৰ গুৰুত্ব, লক্ষ্য আৰু শক্তি। এই আশাৰেই আপোনাৰ কাষলৈ আহি আছে আপোনাৰ প্ৰিয় শক্তিমান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...